বিহপুৰীয়া, 6 আগষ্ট :ৰাজপথত এগৰাকী বিশেষ ব্যৱসায়ী ৷ অসমীয়া জাতীয় জীৱনৰ লগত জড়িত সামগ্ৰী যেনে পলস-জুলুকি, পাচি-খৰাহি, কুলা-চালনিকে ধৰি বিভিন্ন ধৰণৰ সজুলি লৈ গাঁৱে-ভূঞে, নগৰে-চহৰে বিক্ৰী কৰি ফুৰা এজন দৃষ্টিহীন ব্যৱসায়ী ৷ নাম মানিক দেৱনাথ ৷
ছবছৰৰ পূৰ্বে চকুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাইছিল বিহপুৰীয়াৰ মানিক দেৱনাথে ৷ ব্যৱসায় কৰিয়েই চাৰিটা সন্তানক পঢ়াই-শুনাই মানুহ কৰাৰ লক্ষ্য থকা দেৱনাথে দৃষ্টিশক্তি হেৰুৱাই প্ৰথম অৱস্থাত বহু অসুবিধাৰ সন্মুখীন হৈছিল ৷ কিন্তু ভাগৰি পৰা নাছিল তেওঁ ৷ পৰৱৰ্তী সময়ত এজন সাৰথি যোগাৰ কৰি তেওঁ পুনৰ ব্যৱসায় আৰম্ভ কৰে ৷ আজিও সেইগৰাকী সাৰথিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি সুন্দৰভাৱে বিহপুৰীয়াত চলাই গৈছে বাঁহৰ ডলা-চালনিৰ ব্যৱসায় ।
বয়সে গৰকা এইগৰাকী দৃষ্টিহীন ব্যৱসায়ী দেৱনাথে কিন্তু নিজকে আজিও ভাবি থাকে এজন চফল ডেকা বুলি । কাৰণ তেওঁৰ লক্ষ্য-জীৱনৰ শেষ সময়লৈকে নিজৰ কৰ্মৰ দ্বাৰা উপাৰ্জিত ধনেৰেই তেওঁ চলিব ৷ সেয়েহে সন্মুখত থকা সকলো জলন্ত প্ৰত্যাহ্বানকো একাষৰীয়া কৰি সাৰথিৰ ওপৰতে বিশ্বাস ৰাখি চলাই গৈছে ব্যৱসায় ৷