নাৰায়ণপুৰ, ২১ মে': ব্ৰইলাৰ মুৰ্গী পোহাৰ বাবেই সমাজৰ পৰা এঘৰীয়া হ’ল এটা পৰিয়াল । সমাজ বিৰোধী কাম কৰাৰ অভিযোগত সমাজৰ পৰা বঞ্চিত হ'ল এটা পৰিয়াল । এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত । নাৰায়ণপুৰৰ চৈধ্যপুনিয়াৰ নিবাসী জিতু হাজৰিকাৰ পুত্ৰ জ্যোতিপ্ৰসাদ হাজৰিকা আৰু বন্ধু বিশ্বজিৎ বৰুৱাই এমাহ পূৰ্বে ঘৰৰ চৌহদত আৰম্ভ কৰিছিল এখন ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম ৷ সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি মহামাৰী কৰ'ণাই বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে দুই বন্ধুই ফাৰ্মখনৰ যোগেদি স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল ।
কিন্তু বন্ধুদ্বয়ৰ সপোনত যেন অমানিশা নামি আহিল । স্নাতক প্ৰথম বাৰ্ষিকত অধ্যয়নৰত জ্যোতিপ্ৰসাদ আৰু কাৰিকৰী শিক্ষা শেষ কৰা বিশ্বজিতে আৰম্ভ কৰা ফাৰ্মখনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৈধ্যপুনিয়া প্ৰাথমিক শাখাই সমাজ বিৰোধী কাম কৰাৰ অভিযোগ তুলি এঘৰীয়া কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একনিষ্ঠ সেৱক জিতু হাজৰিকাৰ পৰিয়ালক ৷