অসম

assam

ETV Bharat / state

কি নতুন উদ্ভাৱনত ব্যস্ত বিশ্বৰ চিনাকি উদ্ভৱ ভৰালী ?

Padma Shri Uddhab Bharali: ন-উদ্যমেৰে উদ্ভাৱনত ব্যস্ত হৈ পৰিছে পদ্মশ্ৰী উদ্ভৱ ভৰালী ৷ এই পৰ্যন্ত 174 টা উদ্ভাৱন কৰিছে উদ্ভাৱকগৰাকীয়ে ৷ শেহতীকৈ কি কি কামত ব্যস্ত ড৹ ভৰালী ? ইটিভি ভাৰত সাংবাদিক জীৱন গোস্বামীৰ সৈতে উদ্ভাৱকগৰাকীৰ বিশেষ সাক্ষাৎকাৰ...

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 7:13 PM IST

Updated : Jan 7, 2024, 7:54 PM IST

Uddhab Bharali invention
কি নতুন আৱিষ্কাৰত ব্যস্ত বিশ্বৰ চিনাকি উদ্ভৱ ভৰালী ?

কি নতুন উদ্ভাৱনত ব্যস্ত বিশ্বৰ চিনাকি উদ্ভৱ ভৰালী ?

লখিমপুৰ, ৭ জানুৱাৰী: সৃষ্টিশীলতাত মগ্ন পদ্মশ্ৰী উদ্ধৱ ভৰালী । নিতে নতুন সৃষ্টিৰ প্ৰয়াস প্ৰখ্যাত উদ্ভাৱকগৰাকীৰ । শাৰীৰিকভাৱে বাধাগ্ৰস্ত বহুলোকৰ মুখত ড৹ ভৰালীয়ে বিৰিঙাইছে অনাবিল প্ৰশান্তিৰ হাঁহি । ক’ভিডকালিন পৰিস্থিতিৰ পিচত দুগুণ উদ্যমেৰে সৃষ্টিৰ পথাৰত জপিয়াই পৰে পদ্মশ্ৰী উদ্ধৱ ভৰালী । উদ্ভাৱকগৰাকীয়ে ক’ভিডকালিন পৰিস্থিতিৰ পিচত বৰ্তমান লৈকে ১৭ টা নতুন আৱিস্কাৰ কৰিছে । দেশ বিদেশৰ পৰা আহিছে ন ন আৱিস্কাৰৰ বাবে অনুৰোধ ।

ক’ভিডৰ ভয়াৱহতাৰ পিচত স্বয়ংক্ৰিয়ভাৱে চলা অসমীয়া সমাজৰ ঢেঁকী, ধাননিৰ পৰা চৰাই খেদোৱা এটা বৃহৎ আকাৰৰ যান্ত্ৰিক চৰাই, কাজীনেমুৰ বাকলি গুছোৱা আৰু ৰস প্ৰস্তুত কৰা যন্ত্ৰ আদি উদ্ভাৱন কৰিছে । আনহাতে অসমৰ বহু উদ্যোগী যুৱকে মানিমুনি, মাটি কাদুৰী আদি বিদেশলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা কৰিছে যদিও সঠিকভাৱে শুকুৱাত অসুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ড৹ ভৰালীয়ে এটা যন্ত্ৰৰ আৱিষ্কাৰ কৰিছে ।

ভাৰত চৰকাৰৰ আহ্বানক্ৰমে তেওঁ আনাৰসৰ বাকলি গুছোৱা যন্ত্ৰ নিৰ্মাণ কৰাৰ লগতে ফুলঝাৰু নিৰ্মাণ কৰাৰ যন্ত্ৰও উদ্ভাৱন কৰিছে । এই যন্ত্ৰৰে এজন লোকে দুই মিনিটতে এটা ঝাৰু সাজি উলিয়াব পাৰিব ৷ ইয়াৰোপৰি অৰুণাচলৰ টাছে নামৰ প্ৰ’টিনসমৃদ্ধ গছ জোপাৰ পৰা পাউদাৰ প্ৰস্তুত কৰিবলৈ তেওঁলৈ অৰুণাচল চৰকাৰে জনোৱা অনুৰোধ অনুসৰি তেওঁ এনে এটা যন্ত্ৰ আৱিষ্কাৰ কৰিছে যিটোৱে আধাঘন্টাতে এজোপা গছৰ পৰা পাউদাৰ প্ৰস্তুত কৰিবলৈ সক্ষম ।

ইয়াৰ মাজতে গজালি ওলোৱা ধান কঠীয়াৰ সলনি পোনপটীয়াকৈ ৰোপন কৰাৰ বাবে যন্ত্ৰ উদ্ভাৱন প্ৰক্ৰিয়া চলাই আছে উদ্ধৱ ভৰালীয়ে । এনে যন্ত্ৰৰ বাবে বিদেশৰ পৰাও ফৰমাইচ আহিছে । কলৰ পৰা সাৰ বনোৱা মেচিন আৱিষ্কাৰৰ প্ৰক্ৰিয়াও চলি আছে ।

সমান্তৰালকৈ চলিছে সৰিয়হ সিচা মেচিন, নিৰ্ভেজাল ৰূপত মৌৰস আহৰণৰ মেচিন আদি নিৰ্মাণৰ কামো চলি আছে । কেৱল ইমানেই নহয়, এনে অসংখ্য কামৰ মাজতে তেওঁ শাৰিৰীকভাবে বাধাগ্ৰস্ত অথবা দুৰ্ঘটনাত হাত-ভৰি হেৰুওৱা লোকৰ বাবেও প্ৰয়োজন অনুসাৰে বিভিন্ন যন্ত্ৰ উদ্ভাৱন কৰি তেনে লোকসকলক প্ৰাত্যহিক কাম-কাজত আনৰ বোজা হৈ থকাৰ পৰা মুক্ত কৰিছে ।

তেওঁলোকৰ মুখত অনাবিল আনন্দৰ হাঁহি বিৰিঙাই তুলিবলৈ সক্ষম হৈছে উদ্ধৱ ভৰালী । মানৱদৰদী উদ্ধৱ ভৰালীয়ে জনহিতকৰ কাম-কাজ কেৱল মানৱ সমাজতে আৱদ্ধ কৰি ৰাখিব বিছৰা নাই । তেওঁ ইতৰ জন্তুৰ দুখতো দুখী হৈছে । তেওঁ এইবাৰ বাটে-পথে উঠিব নোৱৰা হৈ পৰি থকা কুকুৰ-গৰু আদিক উঠি খোজ কাঢ়িব পৰাকৈ সৰঞ্জাম প্ৰস্তুত কৰাৰ কামত লাগিছে ।

যাৰ বাবে বাটে পথে পৰি উঠিব নোৱাৰা হৈ থাকি মৃত্যু ৰ মূখত পৰা জীৱ জন্ত তেওঁৰ সৰঞ্জামৰ সহায়ত খোজ কাঢ়ি ঘুৰি ফুৰিব পাৰিব । এই পৰ্যন্ত ১৭৪ টা যন্ত্র উদ্ভাৱন কৰি দেশে-বিদেশে খ্যাতি অর্জন কৰা পদ্মশ্রী উদ্ধৱ ভৰালীয়ে তেওঁৰ সৃষ্টিৰাজি সকলোৰে বাবে মুকলি ৰাখিবলৈ মন মেলিছে । যাতে আনেও তেনে সৃষ্টি কৰিব পাৰে । তেওঁৰ দৰে বহুজন উদ্ধৱ ভৰালী সৃষ্টি কৰাৰ বাবে ছাত্র-ছাত্রীৰ বাবে তেওঁ পাঠদানৰো লক্ষ্য বান্ধি লৈছে । শেহতীয়াকৈ তেওঁ ভাৰতীয় সেনা বাহিনীৰ বাবে কাম কৰাৰ চুক্তিতো আৱদ্ধ হোৱাৰ প্ৰক্ৰিয়া চলি আছে ।

লগতে পঢ়ক:ৰূম এয়াৰ ছেনিটাইজাৰঃ উদ্ভাৱক উদ্ধৱ ভৰালীৰ নতুন উদ্ভাৱন

Last Updated : Jan 7, 2024, 7:54 PM IST

ABOUT THE AUTHOR

...view details