অসম

assam

ETV Bharat / state

Anand Mishra: আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰাত বাধা - DGP GP Singh

এতিয়াৰে পৰা সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান নকৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুখপাত্ৰ হিচাবে এক নিৰ্দেশনাযোগে দায়িত্ব দিছে আনন্দ মিশ্ৰই (Lakhimpur SP) ৷

Anand Mishra
Anand Mishra

By

Published : May 30, 2023, 10:34 AM IST

লখিমপুৰ, 30 মে’: এতিয়াৰে পৰা সংবাদ মাধ্যমৰ আগত মুখ খুলিব নোৱাৰিব লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ জিলাৰ আৰক্ষী বিভাগৰ তৰফৰ পৰা কিবা ক’ব লগীয়া থাকিলে কেৱল জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকেহে (সদৰ) বক্তব্য ৰাখিব। এই কথা সদৰী কৰি ইতিমধ্যেই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই প্ৰকাশ কৰিছে জাননী ৷ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক মুখপাত্ৰ হিচাবে উল্লেখ কৰা হৈছে জাননীখনত (IPS Anand Mishra) ৷

আনন্দ মিশ্ৰক সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰাত বাধা

উল্লেখ্য যে ২৪ মে’ তাৰিখে আইজিপিয়ে (প্ৰশাসনিক) FA/XXII/2361/12/285 নম্বৰ নিৰ্দেশযোগে আনন্দ মিশ্ৰক সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখাৰ পৰিৱৰ্তে আন কাৰোবাক মুখপত্ৰ হিচাবে দায়িত্ব দিবলৈ নিৰ্দেশ দিয়ে ৷ সেই নিৰ্দেশনাৰ পাচতেই আনন্দ মিশ্ৰই CB/2023/485-91 নিৰ্দেশনাৰ জৰিয়তে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মুখপত্র হিচাবে দায়িত্ব দিয়ে ৷ এই নিৰ্দেশনাক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা (IPS Anand Mishra) ৷

স্মৰ্তব্য যে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে (DGP GP Singh) আৰক্ষী অধীক্ষকসকলক সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়া বাৰণ কৰিছিল ৷ কিন্তু ইয়াৰ পাচতো আনন্দ মিশ্ৰই লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব পোৱাৰ পাচতেই সংবাদ মাধ্যমৰ আগত বিভিন্ন মন্তব্য প্ৰদান কৰি আহিছিল ৷ ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো আনন্দ মিশ্ৰক সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ এক প্ৰকাৰৰ সকীয়নি প্ৰদান কৰিছিল ৷

লক্ষণীয় বিষয় যে, বিগত 21 মে’ তাৰিখে লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিয়েই অপৰাধীক সকীয়নি দিছিল আনন্দ মিশ্ৰই ৷ আনন্দ মিশ্ৰৰ এটা সকীয়নিৰ পাচতেই নকল সোণ, নকল টকা আদি ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলে স্ব-ইচ্ছাই আত্মসমৰ্পণ কৰা আৰম্ভ কৰে ৷ সম্প্ৰতি লখিমপুৰ জিলাতেই এনে অপৰাধীক সৰ্বাধিক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰা হৈছে ৷ এই আত্মসমৰ্পণৰ ধাৰা বৰ্তমানেও অব্য়াহত আছে (Fake gold racket in Lakhimpur) ৷

লগতে পঢ়ক:Fake gold racket in Assam: ডেৰ শতাধিক নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ; শীৰ্ষত লখিমপুৰ জিলা

ABOUT THE AUTHOR

...view details