অসম

assam

ETV Bharat / state

লখিমপুৰৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা - লখিমপুৰ প্ৰতিবাদ

কেব নহয়, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিল কোচ ৰাজবংশী ছাত্ৰ সন্থা

etv bharat

By

Published : Feb 14, 2019, 2:56 PM IST


লখিমপুৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত নোহোৱাৰ বাবে ৰাজ্যত অব্যাহত আছে হৰ্ষোল্লাস। কিন্তু হৰ্ষোল্লাসৰ মাজেতে লখিমপুৰত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা। CAB নহয়, এইবাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত লখিমপুৰত ৰাজপথত জ্বলোৱা হয় সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি।

lakhimpur protest
সংসদত জনজাতিকৰণ বিধেয়ক তালিকাভুক্ত নকৰাৰ ক্ষোভত বৃহস্পতিবাৰে লখিমপুৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী ছাত্ৰ সংগঠনে। জনজাতিকৰণৰ প্ৰসংগক লৈ কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, বিজেপি হায়-হায় শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে কোচ ৰাজবংশী ছাত্ৰ সংগঠনে। জনজাতিকৰণ প্ৰসংগক লৈ চৰকাৰৰ চতুৰালি মানি লোৱা নহ'ব বুলি ভৱিষ্যতে জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

ABOUT THE AUTHOR

...view details