অথঃ শিক্ষা সংবাদঃ দুজন শিক্ষকৰ বিপৰীতে 130 ছাত্ৰ-ছাত্ৰী - ঢকুৱাখনা
চৰকাৰী শিক্ষাখণ্ডৰ জয়জয়কাৰ বিজ্ঞাপনৰ বিপৰীতে ঢকুৱাখনাৰ এখন বিদ্যালয়ে উদঙাইছে প্ৰকৃততে কেনেদৰে ৰাজ্যত মৌলিক অধিকাৰ গ্ৰহণ কৰিব লগা হৈছে শিক্ষাৰ্থীয়ে ৷ এখন বিদ্যালয় , 130 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু দুজন শিক্ষক ৷ গুণগত শিক্ষাক উপলুঙা কৰি এইদৰেই এতিয়া ৰাজ্যৰ পিছপৰা অঞ্চলত চলি আছে শিক্ষাব্যৱস্থা ৷
ঢকুৱাখনা ,16 জুনঃ ঢকুৱাখনা সমষ্টিৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাৰি চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীসকল বঞ্চিত হৈছে গুণগত শিক্ষাৰ পৰা । উল্লেখ্য যে, মুঠ ১৩০ গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়খনৰ ৬ টা শ্ৰেণীত দৈনিক ৬ টাকৈ বিষয়ৰ মুঠ-৩৬ টা ক্লাছ কৰিব লাগে দুজন শিক্ষকে । স্কুলৰ চালৰ টিনপাতত ফুটা ওলোৱাত বৰষুণ দিলেই পানী পৰে শ্ৰেণীকক্ষত । প্ৰধান শিক্ষকজন বিভিন্ন বিভাগীয় কামত অফিচলৈ যোৱাৰ দিনা এজন শিক্ষকেই চম্ভালিব লাগে ৬ টা শ্ৰেণীৰ ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক । মুঠতে শিক্ষাৰ্থী অনুপাতে শিক্ষক নথকাত এক বিশৃংখল পৰিৱেশৰ মাজেৰে পাঠদান চলি আছে বিদ্যালয়খনত । ফলত গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে সোণাৰি চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ১৪ খনকৈ পিছপৰা গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলে । সেইয়ে শিক্ষামন্ত্ৰীলৈ শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱক সকলোৰে আহ্বান বিদ্যালয়খনত শীঘ্ৰেই আৰু দুজন শিক্ষক দিয়াৰ ব্যৱস্থা কৰক ।