অসম

assam

ETV Bharat / state

ঘাতক জোঁৱাই ! ডেগাৰেৰে হানি-খুচি হত্যা কৰিলে শহুৰেকক

ঘাতকৰ ৰূপত জোঁৱাই ৷ বাক-বিতণ্ডাৰ মাজতে ডেগাৰেৰে হানি-খুচি হত্যা কৰিলে শহুৰেকক ৷

By

Published : Jun 15, 2022, 10:53 AM IST

ঘাতক জোঁৱাই ! দেগাৰেৰে হানি খুচি হত্যা কৰিলে শহুৱেকক
ঘাতক জোঁৱাই ! দেগাৰেৰে হানি খুচি হত্যা কৰিলে শহুৱেকক

লখিমপুৰ, 15 জুন :লখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড (Murder case in Lakhimpur)৷ ঘাতক জোঁৱাইৰ হাতত প্ৰাণ হেৰুৱালে শহুৰেকে (Son in low killed father in low in Lakhimpur) ৷ সোমবাৰে নিশা লখিমপুৰৰ পথালিপাহাৰত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ৷

ঘটনাৰ বিৱৰণী অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই জোঁৱায়েকে হত্যা কৰে শহুৰেকক ৷ বিগত কিছু দিনৰ পৰা পত্নীৰ লগত সম্বন্ধ ভাল নাছিল অভিযুক্ত শ্বৰিফুল ইছলামৰ ৷ সেইবাবে পত্নী গুচি আহিছিল মাতৃগৃহলৈ ৷ সোমবাৰে নিশা পত্নীক বিচাৰি আহি শহুৰেকৰ লগত বাক-বিতণ্ডা হয় জোঁৱায়েকৰ ৷

এই তৰ্কই চমৰ ৰূপ লোৱাত শ্বৰিফুলে শহুৰেক মহম্মদ আলীক(50) ডেগাৰেৰে উপৰ্যুপৰি আঘাত কৰে ৷ ফলত থিতাতে মৃত্যুৰ মুখত পৰে মহম্মদ আলী ৷

শহুৰেক আৰু জোঁৱাইয়েক দুয়ো বান্দৰদেৱাত কৰ্মৰত আছিল ৷ শ্বৰিফুল আৰু মহম্মদৰ প্ৰকৃত ঘৰ লখিমপুৰ জিলাৰ নাওবৈচাৰ ২ নং কেহুতলিত ৷ ইতিমধ্যে হত্যাকাৰী শ্বৰিফুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ পিচত হে এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জনায় ৷

লগতে চাওক :Police bust fake call centre: হোজাইত উৎখাত হ’ল ভুৱা কল চেণ্টাৰ

ABOUT THE AUTHOR

...view details