অসম

assam

By

Published : Jul 1, 2019, 9:18 PM IST

ETV Bharat / state

বিটিচি নিৰ্বাচনত বিজেপিৰে মিত্ৰতা থাকিবঃ প্ৰমীলাৰাণী ব্ৰহ্ম

লখিমপুৰৰ বঙালমৰাত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ সমাজ কল্যান মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম ৷ বহুকেইটা সামাজিক কামত অংশগ্ৰহণ কৰাৰ লগতে বিটিচি নিৰ্বাচনক লৈ বিপিএফৰ স্থিতি স্পষ্ট কৰে মন্ত্ৰীগৰাকীয়ে ৷

বিটিচি নিৰ্বাচনত মিত্ৰতা থাকিবঃ প্ৰমীলাৰাণী ব্ৰহ্ম

লখিমপুৰ, 1 জুলাইঃ সোমবাৰে লখিমপুৰত উপস্থিত হয় অসম চৰকাৰৰ সমাজকল্যান মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম ৷ লখিমপুৰ বঙালমৰাত জাগ্ৰীতি সন্মিলিত যুৱ কেন্দ্ৰৰ প্ৰশাসনিক ভৱনৰ লগতে পুথিভঁৰাল আৰু এটি নিচামুক্তি কেন্দ্ৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷

কেন্দ্ৰটোৰ এই প্ৰচেষ্টাক বহুমুখে প্ৰশংসা কৰাৰ লগতে ৰাজ্যৰ যুৱপ্ৰজন্মক নিচাযুক্ত সামগ্ৰী পৰা আঁতৰ থাকিবলৈ আহ্বান জনায় ৷ সোমবাৰে দিনৰ ভাগত অনুষ্ঠিত হৈ যোৱা সভাত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিহপুৰীয়াৰ বিধায়ক প্ৰেমধৰ বৰা আৰু বঙালমৰাৰ বিধায়ক ইমদাদুল হক চৌধুৰীৰ লগতে সমাজ কল্যান বিভাগৰ বহুকেইগৰাকী বিষয়া ৷

আনহাতে, সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত আগন্তুক বিটিচি নিৰ্বাচন সম্বন্ধে নিজৰ মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনত বিজেপি-বিপিএফৰ মিত্ৰতা অটুট থাকিব বুলি প্ৰকাশ কৰে ৷

বিটিচি নিৰ্বাচনত মিত্ৰতা থাকিবঃ প্ৰমীলাৰাণী ব্ৰহ্ম

ABOUT THE AUTHOR

...view details