বিহপুৰীয়া, 20 জানুৱাৰী :বৃহস্পতিবাৰে বিয়লি বিহপুৰীয়া আৰক্ষী থানা অন্তৰ্গত পূৱ ডিক্ৰং গাঁও পঞ্চায়তৰ ভোগদৈগুৰিৰ এটি পুখুৰীত উদ্ধাৰ হৈছে এটা লাওখোলা ৷ গাঁওখনৰ প্ৰদীপ চুৰি নামৰ ব্যক্তিজনৰ পুখুৰীৰ পৰা উদ্ধাৰ হৈছে এই লাওখোলাটো (Skeletons recovered from a pond at Bihpuria)৷ মাছ ধৰিবলৈ পানী সিচোঁতেই উদ্ধাৰ হয় এই লাওখোলাটো ।
লাওখোলাটো উদ্ধাৰ হোৱাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ উদ্ধাৰ হোৱা এই লাওখোলাটো বিহপুৰীয়াৰ চৌদ্ধপুনীয়াৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী হাজৰিকা দত্তৰ দ্বিতীয় পুত্ৰ চিত্তৰঞ্জন দত্তৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, বিগত 8 জুলাইত বৰযাত্ৰী হৈ বিয়া খাবলৈ গৈছিল চিত্তৰঞ্জন দত্ত ৷ কিন্তু সেই গ’ল, যি গ’লেই ৷ ঘৰলৈ আৰু দুনাই ঘৰলৈ উভতি নাহিল চিত্তৰঞ্জন দত্ত ৷ 2022 চনৰ 8 জুলাইত এখন বিয়া খাবলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল চিত্তৰঞ্জন ৷ আনকি আৰক্ষীৰ ফালৰ পৰাও কোনো শুংসূত্ৰ বিচাৰি উলিয়াব পৰা নাছিল ।
চিত্তৰ সন্ধানত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা চিত্তৰ একমাত্ৰ ককায়েক হৃদয়েও এটি পথ দুৰ্ঘটনাত 2022 ৰ 27 ছেপ্টেম্বৰত কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল । ইয়াৰ পিচৰে পৰাই ক্ৰমশ দিক বিদিক হেৰুৱাই পেলাইছিল চিত্ৰৰ পৰিয়ালে । কিন্তু বৃহস্পতিবাৰে বিয়লি এই লাওখোলা উদ্ধাৰ হোৱা খবৰ পোৱাৰ পিচতেই উক্ত স্থানত চিত্ৰৰ পৰিয়ালৰ লোকৰ লগতে উপস্থিত হয় অঞ্চলটোৰ বহু ৰাইজ ৷
আনকি উক্ত পুখুৰীটোত আৰক্ষীয়েও অনুসন্ধান আৰম্ভ কৰে ৷ আজি দ্বিতীয় দিনাও পুৱাৰে পৰা আৰক্ষীয়ে চলাই অভিযান ৷ জানিব পৰা মতে, ইতিমধ্যে উক্ত পুখুৰীটোৰ পৰা মানৱ শৰীৰৰ আন আন অংগৰ লগতে এযোৰ জোতা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।
ইফালে পৰিয়ালৰ লোকে এই নৰ কংকালটো আৰু জোতাযোৰ চিত্তৰে বুলি দাবী কৰি ফৰেঞ্চিক টেষ্টৰ বাবে প্ৰেৰণ কৰিবলৈ দাবী জনাইছে । ইয়াৰোপৰি পৰিয়ালৰ লোকে চিত্তক পৰিকল্পিতভাৱে হত্যা কৰি এই পুখুৰীটোত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ সেয়ে উক্ত ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে চিত্ৰৰ পৰিয়ালে ।