লখিমপুৰ, ৯ আগষ্ট: জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি গো-ধন (Brutal attack on cattle)৷ কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে অতি নিৰ্মমভাৱে ঘপিয়ালে 6 জনীকৈ গাই গৰুক ৷ লখিমপুৰৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ পথালিপাহাৰত সংঘটিত হৈছে এই অমানৱীয় ঘটনা ৷
জীৱশ্ৰেষ্ঠই জীৱন্তে ঘপিয়ালে ছজনী গাই সোমবাৰে নিশা পথালিপাহাৰতস্থিত বিজয় ভূঞা নামৰ ব্যক্তি জনৰ জাৰ্চী গাইৰ ফাৰ্মখনৰ ৬ জনী জাৰ্চী গৰুক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই থৈ যায় । ইতিমধ্যে ইয়াৰে ২ জনী গাই গৰুৰ মৃত্যু হৈছে । দেখিলে গাৰ নোম শিয়ৰি উঠা এই ঘটনা সংঘটিত কৰিছে কোনো মানৱ ৰূপী দানৱে (Cow brutally attacked by miscreants) । জীৱিত আহত গাই কেইজনীৰ চিৎকাৰ শুনিলে থিৰেৰে থাকিব নোৱাৰিব কোনো হৃদয়ৱান লোকে ।
নিশা এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি সংঘটিত কৰা এই ঘটনাৰ কথা পোহৰলৈ আহে মঙলবাৰে পুৱা ৷ যেতিয়া ফাৰ্মখন চোৱা-চিতা কৰা যুৱকজন পুৱা গোহালিলৈ যায়, তেতিয়া যন্ত্ৰণাত চট্ফটাই আছিল আহত গাই কেইজনীয়ে ৷ লগে লগে যুৱকজনে ফাৰ্মৰ গৰাকী বিজয় ভূঞাক খবৰ দিয়ে ৷ এই খবৰ পাই বিজয় ভূঞা ততালিকে ফাৰ্মলৈ আহে যদিও ইতিমধ্যে দুজনী গাইৰ মৃত্যু ঘটিছে ৷ বাকী চাৰিজনী গাইৰো বচাৰ আশা খুবেই ক্ষীণ বুলি জনাইছে গৰাকীজনে ৷
কোনে এই কাণ্ড সংঘটিত কৰিলে সেয়া পোহৰলৈ অহা নাই যদিও, ব্যক্তিগত আখেজ পূৰণৰ বাবেই কোনো হৃদয়হীন লোকে এনে জঘন্য কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে ৷ নিৰীহ জন্তুৰ ওপৰত এনে পৈশাচিক কাণ্ড সংঘটিত কৰা অভিযুক্তক কৰায়ত্ত কৰি শাস্তি দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়ক :Shocking news in Biswanath: শ্মশানত জী উঠিল মৃত মহিলা