নাওবৈচা, ২২ আগষ্ট: পাহাৰীয়া শিঙৰা নৈৰ আকস্মিক বানে 14 আগষ্টৰ পুৱাৰ ভাগত নাওবৈচা আৰু দলহাট-সোণাপুৰ পঞ্চায়তবাসীৰ ৰক্ষাকৱচ স্বৰূপ 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দলহাট বজাৰ সংযোগী গড়কাপ্তানি পথটো ছিঙি নি যি জলপ্ৰলয়ৰ সৃষ্টি কৰিছে সেই জলপ্ৰলয়ৰ আতংক বৰ্তমানো অঞ্চলবাসীৰ মাজত বিৰাজমান ৷
13 আগষ্টৰ নিশালৈকে নৈখন শান্ত হৈ আছিল যদিও 14 আগষ্টৰ পুৱা নৈখনে অস্বাভাৱিক ৰূপ ধাৰণ কৰি উল্লেখিত পথটো খণ্ড-বিখণ্ড কৰি নাওবৈচা আৰু দলহাট-সোণাপুৰ পঞ্চায়ত দুখনৰ সহস্ৰাধিক জনতাৰ জীৱনলৈ ঘোৰ অমানিশা নমাই অনাই আনে ৷
নৈখনৰ সংহাৰী বানৰ ভয়াৱহতা ইমানেই আছিল যে, ইয়াৰ বাঢ়নী পানীয়ে 30 নং ফিচিগ্ৰাণ্টৰ 20 টাৰো অধিক বাসগৃহ নিমিষতে উটুৱাই নিয়ে ৷ বহু কষ্টৰ বিনিময়ত গঢ় দিয়া আপোন ঘৰ আৰু পথাৰখন পলকতে কাঢ়ি নিয়া শিঙৰাৰ আকস্মিক বানে তেওঁলোকৰ বাবে এতিয়া যেন একোৱেই থৈ যোৱা নাই, থৈ গৈছে কেৱল যন্ত্ৰণাময় জীৱন ৷
শিঙৰাৰ বলিয়া বানে মূহুৰ্ততে কাঢ়ি লৈ গ’ল অঞ্চলবাসীৰ ভৱিষ্যতৰ সপোনবোৰ ৷ লগতে ইমান কষ্টেৰে সজা উপাৰ্জনৰ একমাত্ৰ সম্বল বিস্কুট ফেক্টৰীটো কোন মুহূৰ্তত বানে লৈ উটুৱাই লৈ গ’ল একো ধৰিবই নোৱাৰিলে ৷ গাঁৱৰ জুৱেল তাগৰী, শান্তিয়েল তাঁতি, নিকেল চনা, চুজন বিশ্বাস, ইষ্টিফান তাঁতি, নাগা কান্দপান, আকাশ তাঁতি আৰু জগ্গনাথ শাঠিকে ধৰি 20 টাতকৈও অধিক পৰিয়ালৰ পকী-কেঁচা ঘৰ বানে মূহুৰ্ততে ধ্বংসস্তূপত পৰিণত কৰি গাঁওবাসীক গৃহহাৰা কৰিলে ৷
সম্প্ৰতি অঞ্চলটোত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বানৰ বিভীষিকা কমি যোৱা নাই ৷ অঞ্চলটোৰ প্ৰায় 4 শতাধিক পৰিয়ালে নিজৰ ঘৰ-ভেটি বানত হেৰুৱাই পথৰ দাঁতিত আৰু আশ্ৰয় শিবিৰত কোনোমতে জীৱনটো ৰক্ষা কৰি জীয়াই আছে ৷ ফিচিগ্ৰাণ্টৰ 200ৰো অধিক পৰিয়ালে পথৰ দাঁতিত সামান্য এখন তিৰ্পালৰ চালিৰ তলত আশ্ৰয় লৈ এমুঠি অন্নৰ লগতে বস্ত্ৰ আৰু খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷