লখিমপুৰ, 17 নৱেম্বৰ :লখিমপুৰৰ বগীনদীত ব্যতিক্ৰমী অনুষ্ঠান ৷ দুই শতাধিক পিতৃ-মাতৃক সেৱা কৰাৰ এক মহৎ কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বাইথ' সমাজৰ ৰূপালী জয়ন্তী উপলক্ষে এই বিশেষ অনুষ্ঠান হাতত লোৱা হৈছে ৷ এই অনুষ্ঠানত দুশগৰাকী পিতৃ আৰু 43 গৰাকী মাতৃক সেৱা কৰাৰ আয়োজন কৰা হৈছে । অহা 18 নৱেম্বৰত এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷
উল্লেখ্য যে, লখিমপুৰৰ বগীনদী আঞ্চলিক বাইথ’ সমাজৰ ৰূপালী জয়ন্তী উপলক্ষে বৰ্ষজোৰা কাৰ্যসূচী অব্যাহত আছে ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে বগীনদীৰ গজাই মনাই ক্ষেত্রত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানটো লখিমপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী গোবিন বৰদলৈয়ে দীৰ্ঘদিন ধৰি পৰিচালনা কৰি অহা ‘মা' নামৰ অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব ।
বৃহস্পতিবাৰে বিয়লি লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলযোগে এই অনুষ্ঠানৰ ঘোষণা কৰি ব্যৱসায়ীগৰাকীয়ে কয় যে এই বিশেষ অনুষ্ঠানলৈ বগীনদী অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পিতৃ-মাতৃসকলৰ লগতে নৱম আৰু দশম শ্রেণীৰ তিনি শতাধিক ছাত্র-ছাত্রীক আমন্ত্রণ জনোৱা হৈছে ।