বিহপুৰীয়া, 6 আগষ্ট:নাৰায়ণপুৰৰ ৰঙতি আমগুৰিত উদ্ধাৰ হৈছে ১৪ টাকৈ ৰূপৰ মুদ্ৰাৰ লগতে দুপাত খাৰু ৷ প্ৰবিত্ৰ গগৈ নামৰ এজন যুৱকে বন্ধু এগৰাকীৰ সৈতে পথাৰৰ জানত মাছ ধৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৰূপৰ সামগ্ৰী কেইপদ ৷ কেইটামান মুদ্ৰাত উৰ্দু আৰু সংস্কৃত ভাষা লিপিবদ্ধ থকাৰ বিপৰীতে, আন কেইমান মুদ্ৰাৰ লিপি সুস্পষ্ট নহয় ৷ মুদ্ৰা উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ উল্লেখ্য যে, উদ্ধাৰ হোৱা সামগ্ৰী সমূহ আহোম যুগৰ বুলি অনুমান কৰিছে ৰাইজে ৷
নাৰায়ণপুৰত উদ্ধাৰ ৰূপৰ মুদ্ৰাসহ খাৰু - নাৰায়ণপুৰ
বৃহস্পতিবাৰে নাৰায়ণপুৰৰ ৰঙতি আমগুৰিত মাছ ধৰি থকা অৱস্থাত দুজন যুৱকে উদ্ধাৰ কৰে ১৪ টাকৈ ৰূপৰ মুদ্ৰাৰ লগতে দুপাত খাৰু ৷ ৰূপৰ সামগ্ৰী সমূহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷
![নাৰায়ণপুৰত উদ্ধাৰ ৰূপৰ মুদ্ৰাসহ খাৰু ৰূপৰ মুদ্ৰা উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8313612-thumbnail-3x2-kk.jpg)
ৰূপৰ মুদ্ৰা উদ্ধাৰ