অসম

assam

ETV Bharat / state

আন এজন হৃদয় হাজৰিকাৰ সন্ধানত ! - shooting range

লক্ ডাউনৰ বাবে স্ব-গৃহতে শ্বুটিঙৰ আখৰা চলাইছে যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই ৷ প্ৰশিক্ষকৰ পৰা ম'বাইল ফোনৰ জৰিয়তে পাঠ গ্ৰহণ কৰি নিজৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলন অব্যাহত ৰাখিছে হৃদয়ে ৷ আনহাতে, নতুন এগৰাকী হৃদয়ৰ সন্ধানত এখন শ্বুটিং ৰেঞ্জ নিৰ্মাণ কৰিছে শ্বুটাৰ হৃদয় হাজৰিকাৰ পিতৃয়ে ৷

shooter hriday hazarika
shooter hriday hazarika

By

Published : Apr 29, 2020, 12:07 PM IST

বিহপুৰীয়া, 29 এপ্ৰিল : লক্ ডাউনৰ বাবে ঘৰত থাকি অনুশীলন কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই ৷ নাৰায়ণপুৰৰ নিজ গৃহত পিতৃয়ে নিৰ্মাণ কৰা শ্বুটিং ৰেঞ্জত নৈমিত্তিক অনুশীলন চলাইছে শ্বুটাৰগৰাকীয়ে ৷ কৰ'ণা মহামাৰীৰ বাবে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ইতিমধ্যে বাতিল হোৱাত লক্ ডাউনৰ সময়খিনিত একাডেমীৰ প্ৰশিক্ষকৰ পৰা ম'বাইল ফোনৰ জৰিয়তে পাঠ গ্ৰহণ কৰি নিজৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলন অব্যাহত ৰাখিছে হৃদয়ে ৷

স্ব-গৃহতে শ্বুটিঙৰ আখৰা চলাইছে যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই

আনহাতে, হৃদয়ৰ পিতৃয়ে আৰম্ভ কৰিছে এটা প্ৰশিক্ষণ কেন্দ্ৰ ৷ শ্বুটিং ৰেঞ্জ আৰু ফিটনেচ জিম সংলগ্ন কেন্দ্ৰটোৰ নব্বৈ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ লক্ ডাউনৰ বাবে আধাৰুৱা হৈ থকা কেন্দ্ৰটোৰ প্ৰয়োজনীয় আহিলা পাতি আনিবলৈ সক্ষম হোৱা নাই ব্যক্তিগৰাকী ৷

শ্বুটিং ৰেঞ্জৰ প্ৰশিক্ষণ এপ্ৰিল মাহতে আৰম্ভ কৰাৰ কথা আছিল যদিও লক্ ডাউনৰ বাবে পলম হৈছে প্ৰশিক্ষণ ৷ নাৰায়ণপুৰৰ পৰা আন এজন হৃদয় হাজৰিকা সৃষ্টিৰ মানসেৰে শ্বুটাৰগৰাকীৰ পিতৃ তথা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই আৰম্ভ কৰিছে এই শ্বুটিং প্ৰশিক্ষণ কেন্দ্ৰ ৷

আন এজন হৃদয় হাজৰিকা সৃষ্টিৰ লক্ষ্য ড° শৰৎ হাজৰিকাৰ

তাৰোপৰি, লক্ ডাউনৰ বাবে হৃদয়ক ঘৰতে পাই আনন্দিত পিতৃয়ে আশা কৰে লক্ ডাউনৰ অন্তত হৃদয়ৰ লগতে অন্য খেলুৱৈ সকল পুনৰ স্ব-প্ৰতিভাৰে উজ্বলি উঠিব ৷
লগতে পঢ়ক :মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কি কি পৰামৰ্শ আগবঢ়ালে ৰাজ্যৰ 29 গৰাকী অৰ্থনীতিবিদে ?

ABOUT THE AUTHOR

...view details