লখিমপুৰ, 11আগষ্ট :ডুবাইত তিনিটাকৈ সোণৰ পদক বুটলিলে লখিমপুৰৰ শশী খাউণ্ড বৰাই । তিনিকুৰিৰ দেওনা পাৰ হৈয়ো বিদেশত দেখুৱালে চমক । বয়সৰ লেখেৰে বৰা 65 বছৰীয়া । লখিমপুৰ নগৰৰ চি ডি ৰোড নিবাসী শশী খাউণ্ড বৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৷ বৰাই কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত অৱসৰী জীৱন কটালে ক্ৰীড়াৰ সৈতে ।
প্ৰথমে তেওঁ ৰাজ্যত গঠন কৰিলে মহিলা ক্ৰীড়া সন্থা । নিজে খেলাৰ লগতে আন দহ গৰাকী মহিলাকো তেওঁ উলিয়াই আনিবলৈ সক্ষম হ’ল ক্ৰীড়া ক্ষেত্রলৈ । নিজে ঢপলিয়াই ফুৰিলে দেশ-দেশান্তৰৰ ক্ৰীড়া ভূমিত । বহু দেশৰ ক্ৰীড়া ক্ষেত্রত এগৰাকী তৰুণীৰ দৰে খেলি বিশ্বৰ বিভিন্ন প্ৰতিযোগীক হৰুৱাই তেওঁ এই পৰ্যন্ত লাভ কৰিছে অসংখ্য সোণ-ৰূপ-ব্ৰঞ্জৰ পদক ।
শেহতীয়া কৈ বৰাই ডুবাইৰ ক্ৰীড়া ভূমিত চমক সৃষ্টি কৰি তিনিটাকৈ সোণৰ পদক আজুৰি আনিছে । উল্লেখ্য যে, ডুবাইত পাকিস্তান, শ্ৰীলংকা, নাইজেৰিয়া, নেপাল, ফিলিপাইনচ, থাইলেণ্ড আদি 9 খন দেশৰ খেলুৱৈসকলৰ মাজত যোৱা 1 আগষ্টৰ পৰা 6 আগষ্টলৈ বিশ্বমানৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল । ডুবাই চৰকাৰৰ ইণ্টাৰনেচনেল স্পোর্টস কাউন্সিলে ইণ্ডোশ্ৰীৰ সহযোগত ইণ্টাৰনেচনেল ছেকেণ্ডাৰী স্কুল ষ্টেডিয়ামত 36 টাকৈ বিভিন্ন খেল অন্তর্ভুক্ত কৰি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ।