ভয়াৱহ খহনীয়াত ভীতিগ্ৰস্ত ৰাইজ বিহপুৰীয়া, 22 জুন :আৰু কিমান দিন ? চৰকাৰ আহে আৰু যায়, কিন্তু অসমৰ বাবে প্ৰতিবছৰে থাকি যায় বানৰ সমস্যা ৷ এই প্ৰাকৃতিক দুৰ্যোগৰ আজিলৈকে কোনো এখন চৰকাৰে উলিয়াব নোৱাৰিলে স্থায়ী সমাধান ৷ খহনীয়া ৰোধৰ ক্ষেত্ৰতো বিশেষ সফল হোৱা নাই বৰ্তমানৰ চৰকাৰ ৷বিহপুৰীয়াত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডিক্ৰং নৈয়ে । বানৰ সমান্তৰালভাৱে খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ দঙিবিলত ডিক্ৰং নৈয়ে কালৰূপ ধাৰণ কৰি প্ৰায় দহটাকৈ পৰিয়ালক অঘৰী কৰে ।
ইতিমধ্যে নদীখনৰ গড়াত স্থানীয় লোকসকলে বাঁহৰ জেং, গছৰ ডাল আদি দি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে । ইয়াৰ পিচতো কিন্তু ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে নীৰৱে চাই ৰোৱাৰ বাহিৰে বৰ্তমানলৈকে কোনো ব্যৱস্থা হাতত লোৱা নাই ।
ইফালে খহনীয়াৰ পৰা নিজৰ আপোন ঘৰখন বচাবলৈ গৈ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন যুৱক । আহত ঘনশ্যাম চেত্ৰী নামৰ যুৱকজনক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দঙিবিলৰ ৮০ নং শ’লমৰাত নদীখনৰ খহনীয়াই ধাৰণ কৰা ভয়ংকৰ ৰূপৰ ফলত বৃহত্তৰ বিহপুৰীয়া অঞ্চললৈকে বিপদঘণ্টা বাজিছে ।
বিহপুৰীয়া লালুক সংযোগী পুৰণি ডিক্ৰং ঘাটত দঙিবিল লালুক সংযোগী নিৰ্মীয়মান দলংখনৰ বাবেই আজি এই পৰিৱেশৰ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজে মত পোষণ কৰিছে । তেওঁলোকৰ অভিযোগ মতে দলংখন সঠিক স্থানত নিৰ্মাণ নোহোৱাৰ বাবেই নদীখনে সুঁতি সলনি কৰি এই খহনীয়াৰ সৃষ্টি কৰিছে । যদিহে জল সম্পদ বিভাগে অতি শীঘ্ৰে উক্ত স্থানত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত নৈখনে বৃহত্তৰ দঙিবিল অঞ্চলত ব্যাপক ক্ষতি সাধন কৰাৰ আশংকা প্ৰকট হৈছে ৷
লগতে পঢ়ক :Flood in Assam: পহুমাৰা নদীৰ মথাউৰি ভাগিল পাঠশালাত