অসম

assam

ETV Bharat / state

লখিমপুৰৰ হোটেল মালিনীত প্ৰৱৰ্তক সঞ্চালকালয়ৰ অভিযান

লখিমপুৰৰ হোটেল মালিনীত চলিল প্ৰৱৰ্তক সঞ্চালকালয়(ই ডি)ৰ অভিযান । চাৰি ঘন্টাজোৰা অভিযান চলালে ইডিৰ দলে ৷

ED team raid at Hotel Malini
লখিমপুৰৰ হোটেল মালিনীত প্ৰৱৰ্তক সঞ্চালকালয়ৰ অভিযান

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 9:46 PM IST

লখিমপুৰৰ হোটেল মালিনীত প্ৰৱৰ্তক সঞ্চালকালয়ৰ অভিযান

লখিমপুৰ, 9 ডিচেম্বৰ :লখিমপুৰৰ হোটেল মালিনীত শনিবাৰে সন্ধিয়া চলিল প্ৰৱৰ্তক সঞ্চালকালয়(ই ডি)ৰ অভিযান । হোটেলখনত চাৰি ঘন্টাজোৰা অভিযান চলালে ইডিৰ দলে ৷ অৱশ্যে এয়া নিয়মমাফিক পৰিদৰ্শন বুলি ক’লে অভিযাকাৰী বিষয়াই ৷

শনিবাৰে সন্ধিয়াৰ পূৰ্বে লখিমপুৰ নগৰৰ কমলাবাৰী পথত থকা মালিনী হোটেলত আয়কৰ বিভাগৰ এটা সাতজনীয়া দলে প্ৰৱেশ কৰি হোটেলখনত অভিযান চলায় । ইডিৰ সাতজনীয়া দলে প্ৰৱেশ কৰি হোটেলখনত অভিযান আৰম্ভ কৰে । ভিতৰত অভিযান চলি থকাৰ সময়ত হোটেলখনৰ বাহিৰত মোতায়ন কৰা হয় বিশাল আৰক্ষী, নিৰাপত্তাৰক্ষী । সাংবাদিককে ধৰি কাকোৱেই হোটেলখনত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল । হোটেলখনত চলা এই অভিযানৰ বাবে সকলো উৎকন্ঠিত হৈ পৰে যদিও নিশা ৮ বজাপৰ্যন্ত অভিযানৰ সবিশেষ পোহৰলৈ অহা নাছিল ।

উল্লেখ্য যে, এসময়ত উক্ত হোটেলখনত কাম কাজ চলিছিল ৰ'জ ভেলীৰ । মাজতে লখিমপুৰৰ আদালত ভৱন নিৰ্মাণ কৰি থকা সময়ত উক্ত হোটেল আদালতৰ কাম-কাজ কৰিবলৈ ভাড়াত দিয়া হৈছিল । বছৰৰো অধিক সময় হোটেলখন আদালত হিচাবে ব্যৱহাৰ কৰা হৈছিল । পৰৱৰ্তী সময়ত হোটেলখন কলকাতাৰ অৰবিট নামৰ এটা সংস্থাই চলোৱা বুলি জানিব পৰা গৈছে ।

শনিবাৰে ইডিয়ে চলোৱা অভিযান ৰ'জ ভেলীৰ কেলেংকাৰী নে বৰ্তমান চলাই থকা কলকতাৰ সংস্থাটোৰ কেলেংকাৰীৰ বাবে চলিছে সেয়া প্ৰথমতে স্পষ্ট হোৱা নাছিল । অৱশেষত নিশা ৮ বজাত অভিযান সামৰি ওলাই আহে অভিযানকাৰী দলটো । সাংবাদিকৰ আগত তেওঁলোকে এয়া নিয়মমাফিক পৰিদৰ্শন বুলি জানিবলৈ দিয়ে । হোটেলখনৰ কোনো কেলেংকাৰীৰ বাবে এই অভিযান চলোৱা নাই বুলি স্পষ্ট কৰি দিয়ে প্ৰৱৰ্তক সঞ্চালকালয়ৰ বিষয়াই । তেওঁলোকে নিয়মমাফিক পৰিদৰ্শন কৰি প্ৰতিবেদন শীর্ষ বিষয়াক দাখিল কৰিব বুলি সাংবাদিক ক’লেও হোটেলখনৰ পৰিদৰ্শন কালত কিবা আসোঁৱাহ পালে নে নাই সেই কথা প্ৰকাশৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক :এ পি এছ চি কেলেংকাৰী : ৱাহিদা বেগমক তিনি দিনৰ আৰক্ষীৰ জিম্মাত; আন তিনিজনক তলব

ABOUT THE AUTHOR

...view details