লখিমপুৰ,14 ছেপ্টেম্বৰ : লখিমপুৰৰ লালুক গাঁৱত ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৷ উল্লেখ্য যে, উত্তৰ লালুক গাঁও পঞ্চায়তৰ ৭গৰাকীকৈ সদস্যই বিগত ২৭ মে’ত পঞ্চায়তৰ সভানেত্ৰী বিজু শইকীয়াই ৱাৰ্ড সদস্যসকলক আওকাণ কৰি পঞ্চায়তৰ বিভিন্ন আঁচনি গ্ৰহণ কৰা, উন্নয়ন পুঁজিৰ সমবিতৰণ নকৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা ৰন্ধন গেছ বিতৰণকে আদি কৰি বিভিন্ন অভিযোগ উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল ৷
লখিমপুৰত পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ গুৰুতৰ ক্ষোভ - serious allegations against the Panchayat President
লখিমপুৰ লালুক গাঁৱত পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ ৰাইজৰ ৷ সোমবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ তত্বাৱধানত কৰুণাবাৰী খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত উত্তৰ লালুক গাঁও পঞ্চায়তৰ সভানেত্ৰী বিজু শইকীয়াই আস্থাৰ ভোট বিচাৰিব লাগিব বুলি দাবী জনায় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
ইপিনে, লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ উত্তৰ লালুক গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ তুলি পঞ্চায়তৰ সাতজনকৈ সদস্যই উত্থাপিত কৰা অনাস্থাক লৈ উত্তাল হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ উক্ত অনাস্থাৰ বিৰুদ্ধে উত্তৰ লালুক গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হয় যদিও যোৱা ২ ছেপ্টেম্বৰত দুয়ো পক্ষৰ মতামত গ্ৰহণ কৰি আদালতে বিষয়টোত এক সুস্থিৰ সিদ্ধান্ত খাৰিজ কৰে ৷ সেই অনুসৰি সোমবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ তত্বাৱধানত কৰুণাবাৰী খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত উত্তৰ লালুক গাঁও পঞ্চায়তৰ সভানেত্ৰী বিজু শইকীয়াই আস্থাৰ ভোট বিচাৰিব লাগিব বুলি ৰাইজে দাবী জনায় ৷ যদিহে এই আস্থাৰ ভোট লাভ কৰিবলৈ পঞ্চায়তৰ সভানেত্ৰীগৰাকী সক্ষম নহয় তেন্তে অনাস্থাৰ প্ৰস্তাৱ গৃহীত হোৱাতো নিশ্চিত বুলি দাবী কৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক:অখিলৰ আইনী যুঁজৰ বাবে নগাঁৱত ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ