লখিমপুৰ,২৮ মে':লখিমপুৰত চাঞ্চল্যকৰ ঘটনা । পথাৰৰ মাজত উদ্ধাৰ ৫৫ বছৰীয়া এগৰাকী লোকৰ মৃতদেহ (Body of 55 year old man found in Lakhimpur)। মৃত ব্যক্তিগৰাকী দিলীপ বৰা বুলি চিনাক্ত হৈছে ।
লখিমপুৰৰ চৰাইমৰীয়া যোৰহটীয়া গাঁৱৰ এই ঘটনা । লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰে । লোকজনৰ দেহৰ বহু স্থানত আঘাতৰ চিন স্পষ্ট । যাৰ বাবে লোকজনক হানি-খুঁচি হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজে (Sensational murder in Lakhimpur)।
লোকজনৰ পৰিয়ালে জনোৱা মতে শুকুৰবাৰে পুৱাই ৰাজহুৱা কামত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু নিশা তেওঁ ঘৰলৈ উভতি নাহিল । পাছত পুৱাই ঘৰৰ পৰা প্ৰায় ৪০০ মিটাৰমান নিলগত পথাৰত পৰি থকা অৱস্থাত তেওঁৰ মৃতদেহটো উদ্ধাৰ হয় । পৰিয়ালৰ লোকে এইয়া হত্যাকাণ্ড বুলি দাবী কৰিছে ।