লখিমপুৰ, 16 ডিচেম্বৰ:"সমাজৰ জ্যেষ্ঠসকলৰ বাবে চৰকাৰে প্ৰনাম আঁচনি আনিবলগীয়া হোৱাটো দুঃখজনক কথা (SCWC awareness meeting)৷ এই কথাই সমাজ ব্যবস্থাটোৰ ক’ৰবাত কেৰোণ লগাটো স্পষ্ট কৰি তুলিছে ৷ পৰিয়ালত চৰকাৰী চাকৰি কৰা সন্তান থকাৰ পাছত চৰকাৰে তেঁওলোকৰ পিতৃ-মাতৃৰ বাবে প্ৰণাম আঁচনি আনিব লগীয়া হোৱাটোৱে সমাজ ব্যবস্থাৰ কৰবাত ব্যৰ্থতা থকাটো স্পষ্টকৈ ওলাই পৰিছে ৷
এই কেৰোণ লগা ব্যৱস্থাটো ঠিক কৰিব লাগিব । জ্যেষ্ঠ নাগৰিকসকলৰ সভাত কেৱল জ্যেষ্ঠ্যসকল থাকিলেই নহ’ব । এনে সভা সমিতিত তেওঁলোকৰ পুত্ৰ পৰিয়ালো থাকিব লাগিব ৷ সভাৰ আলোচ্য বিষয় তেওঁলোকৰ জৰিয়তে সমাজলৈ বিয়পাব লাগিব ৷ তেতিয়া আপোনা আপুনি বহু সমাধান সূত্ৰ উদ্ভাৱন হ’ব ৷" এই ভাষ্য লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ (Lakhimpur MLA Manab Deka)৷
বৃহস্পতিবাৰে লখিমপুৰত সামজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত বিশাল আয়োজনেৰে এখন জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভা অনুষ্ঠিত হয় (Senior Citizen Awareness Meeting in Lakhimpur)৷ এই সভাত কেইবাশতাধিক জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে (Several Senior citizen in SCWC) ৷