বিহপুৰীয়া, 18 আগষ্টঃ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি Junior TOPS (TARGET OLYMPIC PODIUM SCHEME ,DEVELOPMENT GROUP) ত নিৰ্বাচিত হৈছে যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই ৷ ভাৰতক প্ৰতিনিধিত্ব কৰি অলিম্পিত স্থান লাভ কৰাৰ বাবে গৌৰৱ অনুভৱ কৰিছে জুনিয়ৰ বিশ্ব চেম্পিয়ন তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই ৷ TOPS ত দেশৰ মুঠ ২৫৮ যুৱ খেলুৱৈৰ তালিকাৰ ভিতৰত অসমৰ ৭ গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে ৷
অলিম্পিকৰ বাবে ২৫৮ যুৱ খেলুৱৈৰ তালিকাত অসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকা - যুৱ শ্বুটাৰ
২০২৪ আৰু ২০২৮ চনত হ'বলগীয়া অলিম্পিক খেলৰ বাবে নিৰ্বাচিত হৈছে অসমৰ অসমৰ ৭ গৰাকী খেলুৱৈ ৷ উক্ত তালিকা খনত যুৱ শ্বুটাৰ হৃদয় হাজৰিকাইয়ো স্থান লাভ কৰিছে ৷
![অলিম্পিকৰ বাবে ২৫৮ যুৱ খেলুৱৈৰ তালিকাত অসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকা SELECTED SHOOTER HRIDAY HAZARIKA TARGET OLYMPIC PODIUM SCHEME](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8464826-thumbnail-3x2-bih.jpg)
অলিম্পিকৰ বাবে ২৫৮ যুৱ খেলুৱৈৰ তালিকাত অসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকা
অলিম্পিকৰ বাবে ২৫৮ যুৱ খেলুৱৈৰ তালিকাত অসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকা
কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনত নিৰ্বাচিত খেলুৱৈসকলক ২০২৪ আৰু ২০২৮ৰ অলিম্পিকৰ বাবে সাজু কৰি তোলা হ’ব ৷ নিৰ্বাচিত খেলুৱৈ কেইজনে উচ্চ মানৰ প্ৰশিক্ষণ, খেলৰ সামগ্ৰী আৰু ২৫,০০০ টকাৰ মাহিলি জলপানি লাভ কৰিব ৷ মূল TOPS ত অসমৰ হীমা দাস আৰু লাভলীনা বৰগোহাঞি নিৰ্বাচিত হৈছে ২০২১ চনৰ টকিঅ' অলিম্পিকৰ বাবে । উল্লেখ্য যে, লক্ ডাউনৰ সময়ছোৱাত ঘৰতে অনুশীলন কৰি আছে হৃদয় হাজৰিকাই ৷
লগতে পঢ়ক- ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত অসমৰ এগৰাকী আৰক্ষী বিষয়াৰ কবিতা