লখিমপুৰ, ১০ আগষ্ট:লখিমপুৰ জিলাত জাৰি কৰা হৈছে ভাৰতীয় ফৌজদাৰী কাৰ্য্য বিধি আইনৰ অধীনত ১৪৪ ধাৰা (Section 144 imposed in Lakhimpur) । স্বাধীনতা দিৱসত (75th Independence Day) জিলাখনত যাতে দুষ্কৃতিকাৰীয়ে কোনোধৰণৰ কূটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে । জিলা দণ্ডাধীশ সুমিত সাত্তাৱান স্বাক্ষৰিত নিৰ্দেশনাটোত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
নিৰ্দেশনাটোত প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত পাচজন বা অধিক লোকৰ সমাবেশ হোৱা, ৰাজহুৱা স্থানত লাঠি বা আগ্নেয়াস্ত নাইবা মানুহৰ জীৱনৰ প্ৰতি ভাবুকি আনিব পৰা সামগ্ৰী লগত ৰখা, প্ৰশাসনৰ অনুমতি অবিহনে মুকলি ঠাই, প্ৰেক্ষাগৃহ, সভা-সমাবেশ আদি আয়োজন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা দণ্ডাধীশে ।