অসম

assam

ETV Bharat / state

Scooty Distribution Programme: লখিমপুৰত ড৽ বাণীকান্ত কাকতি মেধা বঁটা ২০২২ প্ৰদান - Pragyan Bharati Scooty Scheme

লখিমপুৰত ১ হেজাৰ ৪৮২ গৰাকী ছাত্র-ছাত্রীলৈ ড৽ বাণীকান্ত কাকতি মেধা বঁটা ২০২২(Dr Banikanta Kakati Merit Award) । শনিবাৰে আয়োজিত এক বিশেষ অনুষ্ঠানত ১৫ গৰাকী ছাত্র-ছাত্রীক আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰা হয় । বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।

Scooty Distribution Programme
লখিমপুৰত ড৽ বাণীকান্ত কাকতি মেধা বঁটা ২০২২ প্ৰদান

By

Published : Dec 17, 2022, 1:49 PM IST

লখিমপুৰত ড৽ বাণীকান্ত কাকতি মেধা বঁটা ২০২২ প্ৰদান

লখিমপুৰ,১৭ ডিচেম্বৰ: লখিমপুৰত সহস্রাধিক মেধাবী ছাত্র-ছাত্রীক আজি ড৽ বাণীকান্ত কাকতি মেধা বটা ২০২২ প্ৰদান কৰা হয়(Dr Banikanta Kakati Merit Award) । লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাকে আদি কৰি জিলাখনৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিয়ে । চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই বঁটা প্ৰদান কৰা হয় (Pragyan Bharati Scooty Scheme) ।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ ১ হেজাৰ ৪৮২ গৰাকী ছাত্র-ছাত্রীক এই আচনিৰ অধীনত প্ৰদান কৰা হয় স্কুটী(Banikanta Kakati Merit Award distributed in Lakhimpur) । নগৰখনৰ ত্যাগ ক্ষেত্রত আনুষ্ঠানিকভাবে শনিবাৰে ১৫ গৰাকী ছাত্র-ছাত্রীক স্কুটী প্ৰদান কৰা হয় । স্কুটী প্ৰদান কৰে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাই (Pradan Barua and Manab Deka distributes scooty)। বিধায়ক ডেকাই এই বঁটাপ্ৰাপ্ত সকললৈ শুভেচ্ছা জ্ঞাপন কৰি দিয়া ভাষণত শৈক্ষিক ক্ষেত্রৰ ভালেমান সুখবৰ প্ৰকাশ কৰে ।

নৰ্থ লখিমপুৰ মহাবিদ্যালয়খন বিশ্ববিদ্যলয় পৰ্যায়লৈ উন্নীত হোৱা আৰু সোনকালেই গৃহনির্মাণৰ কাম আৰম্ভ হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে চৰকাৰে শিক্ষানুষ্ঠানৰ আন্তঃগাঁঠনি সবল কৰি তুলিব । কিন্ত মানৱ সম্পদ গঢ় দিয়াৰ দায়িত্ব শিক্ষক সমাজৰ । সকলোৱে মিলি এখন সুন্দৰ সমাজ গঢ় দিবলৈ তেওঁ আহ্বান জনায় ।

লগতে সাংসদ প্ৰদান বৰুৱাই ডিজিটেল শৈক্ষিক কেন্দ্রৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষানুষ্ঠান সমুহত ডিজিটেল শৈক্ষিক কক্ষ স্থাপনৰ আহ্বান জনায় । সভাখনত বিশিষ্ট ব্যক্তি সকলে এই বঁটা প্ৰাপ্ত শিক্ষার্থী সকলক শুভেচ্ছা জনাই তেওলোকক দুগুণ উৎসাহেৰে শৈক্ষিক ক্ষেত্রক উজ্বলাই একো একোজন সু-নাগৰিক হোৱাৰ আহ্বান জনায় ।

লগতে পঢ়ক:Protest in Lakhimpur: লখিমপুৰত অসমীয়া যুৱ মঞ্চই জ্বলালে বনছুৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details