নাওবৈচা, ৩০ আগষ্ট:গণিত আৰু বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ বৈজ্ঞানিক চিন্তা-ভাৱনাক জাগ্ৰত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ শিশু নিকেতনসমূহে প্ৰতি বছৰেই অনুষ্ঠিত কৰি আহিছে জ্ঞান-বিজ্ঞান মেলা । একেদৰে মঙলবাৰে নাওবৈচাস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হৈ যায় এখনি জ্ঞান-বিজ্ঞান মেলা (Science Exhibition in Naoboisa)। লখিমপুৰ-ধেমাজি সংকুলৰ অন্তৰ্গত ১৬ খন স্থানীয় নিকেতনৰ ৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় মেলাখনৰ (Science Exhibition in Shankardev shishu vidya niketan) ।
মেলাখনত ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান আৰু গণিতৰ আৰ্হি প্ৰদৰ্শন, বিজ্ঞান আৰু বৈদিক গণিত পত্ৰ বাচন, বৈদিক গণিত আৰু সাংস্কৃতিক জ্ঞানৰ সুন্দৰ আৰ্হি প্ৰদৰ্শন কৰা হয় । নাওবৈচা শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হোৱা জ্ঞান-বিজ্ঞান মেলাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ শইকীয়াই ৷