অসম

assam

ETV Bharat / state

বিহপুৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত জ্ঞান বিজ্ঞান মেলা - Science Exhibition in Shankardev shishu vidya niketan

বিহপুৰীয়া শংকৰদেৱ শিশু বিদ্যানিকেতনত আয়োজন কৰা হয় এক বিশেষ কাৰ্যসূচী । ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক মানসিক উত্তৰণৰ বাবে অনুষ্ঠিত কৰে জ্ঞান-বিজ্ঞান মেলা (Science Exhibition in Bihpuria) ।

gyan vigyan mela at bihpuria shankardev shishu vidya niketan
বিহপুৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত জ্ঞান বিজ্ঞান মেলা

By

Published : Aug 22, 2022, 6:49 PM IST

বিহপুৰীয়া, ২২ আগষ্ট : বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ বিজ্ঞান মানসিক প্ৰতিভাক জাগ্ৰত কৰাৰ উদ্দেশ্য শিশু নিকেতন সমূহে প্ৰায়েই অনুষ্ঠিত কৰে বিশেষ অনুষ্ঠানৰ (Science Exhibition in Shankardev shishu vidya niketan)। এইবাৰ বিহপুৰীয়া শংকৰদেৱ শিশু বিদ্যানিকেতনত অনুষ্ঠিত কৰা হয় জ্ঞান-বিজ্ঞান মেলাৰ ।

নাৰায়ণপুৰ সংকলনৰ অন্তৰ্গত ১২ খন স্থানীয় নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা এই জ্ঞান-বিজ্ঞান মেলাত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিজ্ঞান আৰু গণিতৰ আৰ্হি প্ৰদৰ্শন, বিজ্ঞান আৰু বৈদিক গণিত পত্ৰ বাচন, বিজ্ঞান, বৈদিক গণিত আৰু সাংস্কৃতিক জ্ঞান প্ৰশ্ন মঞ্চ, কাহিনী কোৱা, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় (Science Exhibition in Bihpuria) ।

বিহপুৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত জ্ঞান বিজ্ঞান মেলা

বিহপুৰীয়াৰ শংকৰ দেৱ শিশু বিদ্যা নিকেতনত আয়োজন কৰা এই মেলাত সংকলনৰ প্ৰমুখ বিনোদ কৃষ্ণ শৰ্মা,শিমলুগুৰি নিকেতনৰ প্ৰধান ভৱেন শৰ্মা, ধলপুৰ নিকেতনৰ প্ৰধান হিৰণ্য ৰঞ্জন মহন্ত, মধুপুৰ নিকেতনৰ প্ৰধান ঋতুপৰ্ণ মহন্ত, ভোগপুৰ নিকেতনৰ প্ৰধান কমল হাজৰিকা, লালুক নিকেতনৰ প্ৰধান অৰুণা বৰা আৰু বিহপুৰীয়া নিকেতনৰ প্ৰধান ননী মাধৱ পূজাৰীকে আদি কৰি নিকেতন সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সমূহ উপস্থিত থাকে ।

লগতে পঢ়ক:জোনাইত অন কেমেৰা বনদস্যুলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা

ABOUT THE AUTHOR

...view details