ঢকুৱাখনা , 06 জুন :কোনে কয় এজাৰ ফুলে বেজাৰ দিয়ে? বৰঞ্চ ই আমাৰ মনত অনাবিল আনন্দহে প্ৰদান কৰে ৷ তাতে যদি এজাৰ ফুলৰ গছৰ কাষতে থকা পুখুৰীত এজাক ৰাজহাঁহে জলকেলি কৰে সেই দৃশ্য অধিক নান্দনিক হৈ পৰে ৷ এনে এক দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত ৷
ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থানত নানা ৰঙী ফুলৰ মুকুতাৰ মালা
থানখনৰ মূল পথৰ পৰা সত্ৰৰ চাৰিওফালে আপুনি যেনিয়েই চাই তেনিয়েই কেৱল দেখা পাব এজাৰ বুলীয়া এক মনোৰম পৰিৱেশ ।
এই সত্ৰপীঠখনৰ চৌকাষে এতিয়া এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আদি ফুলে নন্দন কানন সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ শীতৰ শেষত বসন্তৰ ন-পৰশত গছ বিৰিখেও ন-ৰূপ লয় । সেউজীয়া গছ বিৰিখৰ শিৰত বহি নানা ৰঙী ফুলে মুকুতাৰ মালা গাঁঠে । বনৰ বিহগীয়েও ইয়াৰ ডালত বহি সুমধুৰ গীত জুৰে । তাতে সেইখন যদি এখন আধ্যাত্মিক উপাসনাৰ স্থলী হয় তাৰ ৰূপ দুগুণে চৰে । মূল পথৰ পৰা সত্ৰৰ চাৰিওফালে আপুনি যেনিয়েই চাই তেনিয়েই কেৱল দেখা পাব এজাৰ বুলীয়া এক মনোৰম পৰিৱেশ । তেনে এটি মনোৰম পৰিৱেশ ধৰি ৰাখিবলৈ বা নিজক বিলীন কৰি দিবলৈ আপোনাৰো হয়তো মন যাব আৰু তেতিয়াই আপুনি খুলি ল’ব বিলাসী মোবাইল অথবা এটা দামী কেমেৰা ।