লখিমপুৰ, ২৮ আগষ্ট : উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ প্ৰসংগক লৈ লখিমপুৰত এতিয়াও অব্যাহত আছে উত্তাল পৰিৱেশ (North Lakhimpur College Principal scam) । একাংশ সংগঠনে অধ্যক্ষগৰাকীক অশ্লীলতাত জড়িতৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছে (demand of arrest NLC principal) । আনহাতে, আন একাংশ সংগঠনে অধ্যক্ষগৰাকী ষড়যন্ত্রৰ বলি হোৱা বুলি নিৰপেক্ষ তদন্তৰ দাবী জনাইছে (demanded impartial probe into alleged conspiracy) ।
উল্লেখ্য, শুকুৰবাৰে সদৌ অসম ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে এক সংবাদমেলযোগে অধ্যক্ষগৰাকীক নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে । আনহাতে, বিয়লিভাগত উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে (Directorate of Higher Education orders suspension) । তাৰ পাছতে শনিবাৰে ছটাকৈ সংগঠনে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি অধ্যক্ষগৰাকী ষড়যন্ত্রৰ বলি হোৱাৰ অভিযোগ তোলে (conspiracy against NLC principal) ।
শনিবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত আহোম জনগোষ্ঠীয় 6 টা সংগঠনে এক সংবাদমেলযোগে এই কাণ্ডক এক ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে (press conference of 6 Ahom community organisations)। লগতে তেওঁৰ বিৰুদ্ধে একাংশ জাতীয় সংগঠনে আক্ৰোশমূলকভাৱে প্ৰতিবাদমুখৰ হৈ পৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে অধ্যক্ষ বিমান চেতিয়াৰ সম্পূৰ্ণ বিষয়টো নিৰপেক্ষভাৱে তদন্তৰ দাবী জনাই (Demand for fair probe) তেওঁৰ বিৰুদ্ধে প্ৰতিবাদকাৰী একাংশ জাতীয় সংগঠনক সকীয়নি প্ৰদান কৰে ।