নাওবৈচা, 28 নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা শূণ্য সহনশীল নীতিক(Zero tolerance against corruption) অংগুষ্ঠ প্ৰদৰ্শন কৰি লখিমপুৰ লোকনিৰ্মাণ বিভাগে চলাই গৈছে ভয়ানক দুৰ্নীতি । লখিমপুৰৰ লোকনিৰ্মাণ বিভাগৰ তত্বাৱধানত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ 3 কোটি 55 লাখ 300 টকাৰে নিৰ্মাণ কৰি থকা নাওবৈচাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰচলা-ম’হঘূলি সংযোগী পথটোত ব্যাপক দুৰ্নীতি(Scam in PMGSY) সংঘটিত হোৱাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে ।
উক্ত পথটো নিৰ্মাণৰ আৰম্ভণিতেই অঞ্চলটোৰ কলাখোৱা গাঁৱৰ ৰাইজেই দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ কৰি ঠিকাদাৰ শিশুমণি দিহিংগীয়াক জৱাবদিহি কৰিছিল ৷ কিন্তু পুনৰ ঠিকাদাৰগৰাকীয়ে দুৰ্নীতি সংঘটিত কৰাত অঞ্চলবাসী জাঙুৰ খাই উঠিছে । ৰাইজে অভিযোগ কৰা মতে, দীৰ্ঘদিনে সুচল যাতায়তৰ পৰা বঞ্চিত অঞ্চলবাসীয়ে বহু আবেদন নিবেদনৰ কৰাৰ পাছত চৰকাৰে আৱন্টন দিয়া গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ আৰম্ভণিতে ঠিকাদাৰ শিশুমণি দিহিংগীয়াই ভয়ানক দুৰ্নীতি আশ্ৰয় লৈছে (Corruption in road construction) ।
প্ৰাককলন মতে, ঠিকাদাৰগৰাকীয়ে নিজ ইচ্ছা অনুসৰি পথটো দুয়োকাষৰ হাবি-জংঘল চাফা নকৰি, বাঁহ-গছৰ মূঢ়া ওপৰতে মাটি পেলোৱাৰ লগতে নিম্নমানৰ চেণ্ড গ্ৰেভেল ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । তদুপৰি ঠিকাদাৰগৰাকীয়ে প্ৰাককলন মতে পথৰ দুয়োকাষ বহল নকৰাৰ লগতে বিভাগীয় বিষয়া-অভিযন্তা নথকাকৈ কাম কৰা আৰু বহল কৰা অংশত ভালকৈ ৰোলিং নকৰাৰো অভিযোগ কৰিছে ৰাইজে ।