নাৰায়ণপুৰ, 9 মে':প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি ৰূপায়নত ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰতো ব্যাপক অনিয়মৰ অভিযোগ । অভিযোগ অনুসৰি এই আঁচনিৰ অধীনত কৃষকলৈ আগবঢ়োৱা 6 হাজাৰ টকাৰ আৰ্থিক অনুদান লাভৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিছে একাংশ চৰকাৰী চাকৰিয়ালৰ লগতে পেঞ্চনাৰে । নাৰায়ণপুৰৰ বিভিন্ন পঞ্চায়তত প্ৰকৃত কৃষকক বঞ্চিত কৰি অধিকাংশ লোকে কৌশলেৰে এই সাহাৰ্য আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় লোকৰ ।
নাৰায়ণপুৰত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত দুৰ্নীতিৰ অভিযোগ - নাৰায়ণপুৰত হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত অনিয়ম
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত কৃষকলৈ আগবঢ়োৱা 6 হাজাৰ টকাৰ আৰ্থিক অনুদান লাভৰ ক্ষেত্ৰত নাৰায়ণপুৰত, দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধিকাৰীয়ে ।
![নাৰায়ণপুৰত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত দুৰ্নীতিৰ অভিযোগ scam in pm krishi samman nidhi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7124920-thumbnail-3x2-kk.jpg)
scam in pm krishi samman nidhi
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত দুৰ্নীতিৰ অভিযোগ
উল্লেখ্য যে, 3ৰ পৰা 15 বিঘা পৰ্যন্ত কৃষিভূমিৰ গৰাকীকহে এই আচঁনিৰ অন্তৰ্ভুক্ত কৰিব লাগে যদিও, লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত এনে ধৰণৰ কোনো নীতি নিয়ম মানি নচলাৰ অভিযোগ উত্থাপন হৈছে । ৰাইজে কৃষি বিষয়া হৰেন বৰাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে । বিষয়া গৰাকীয়ে একাংশ গ্ৰামসেৱকক লগত লৈ এনে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ স্থানীয় লোকৰ । এই দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে হিতাধিকাৰীসকলে ।
লগতে পঢ়কঃকৃষি কেলেংকাৰী : পথাৰ নেদেখা মানুহৰ নামত কৃষি সাহাৰ্য !