অসম

assam

ETV Bharat / state

অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি কৰা লোকক প্ৰহাৰ বঞ্চিত হিতাধিকাৰীৰ - অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি

লখিমপুৰৰ ফুলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত একাংশ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা মহিলাই প্ৰহাৰ কৰিলে দালালৰূপী বিজেপি নেতাক ৷ অভিযোগ অনুসৰি, অভিযুক্তজনে প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে তালিকাত তেওঁৰ আত্মীয়-স্বজনৰ নাম সন্নিবিষ্ট কৰিছিল ৷

অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি
অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি

By

Published : Oct 13, 2020, 5:21 PM IST

লখিমপুৰ, 13 অক্টোবৰ: অসম চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মহিলাৰ আৰ্থিক দিশত সহায়ক হোৱাৰ বাবে আৰম্ভ কৰিছিল অৰুণোদয় আঁচনি ৷ কিন্তু এই আঁচনি ৰূপায়নৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে বহু ঠাইত ৷ তেনে এক ঘটনাই সংঘটিত হৈছে লখিমপুৰৰ ফুলবাৰী গাঁও পঞ্চায়তত ৷ তালিকাভুক্ত হৈয়ো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা একাংশ মহিলা সোমবাৰে উপস্থিত হৈছিল পঞ্চায়ত কাৰ্যালয়ত ।

উপায়ন্তৰ হৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তই

কিন্তু বঞ্চিত হিতাধিকাৰীসকলক বুজনি দিবলৈ অহা বিজেপিৰক স্থানীয় নেতা ইন্দ্ৰেশ্বৰ বৰাই এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মহিলাসকলে জানিবলৈ দিয়া অনুসৰি, এই ঘটনা সংঘটিত হোৱাৰ পাচতে দালালৰূপী ইন্দ্ৰেশ্বৰ বৰাকো প্ৰহাৰ কৰে তেওঁলোকে ৷ যাৰ বাবে শেষত উপায়ন্তৰ হৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তই ৷ অভিযোগ অনুসৰি, অভিযুক্তজনে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি তালিকাত অন্তৰ্ভুক্ত কৰিছিল তেওঁৰ পৰিয়াল তথা আত্মীয়-স্বজনৰ নাম ৷

লগতে পঢ়ক:ধুবুৰীত নিৰ্মাণকাৰ্য চলাৰ পূৰ্বেই এছিয়াৰ সৰ্ব বৃহৎ দলংখনৰ নিৰ্মাণত বাধা !

ABOUT THE AUTHOR

...view details