লখিমপুৰ, 22 আগষ্টঃ যোৰহাটত অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ স্বায়ত্ব শাসনৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷
স্বায়ত্ব শাসনৰ দাবীত উত্তাল লখিমপুৰ - লখিমপুৰ
স্বায়ত্ব শাসনৰ দাবীত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।অতি শীঘ্ৰে অনুসূচীত জাতীৰ উন্নয়নৰ বাবে ব্যৱস্থা নল'লে চৰকাৰৰ বিৰূদ্ধে জংগী আন্দোলনত নামিব বুলি হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ৷
স্বায়ত্ব শাসনৰ দাবীত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দেশৰ স্বাধীনতা লাভৰ ৭৩ বছৰৰো পিছতো অনুসূচিত জাতিৰ প্ৰকৃত উন্নয়ন সাধন হোৱা নাই বুলি মন্তব্য কৰে সংগঠনটোৰ বিষয়ববীয়াই । ৰাজ্যখনৰ আন আন জাতি জনগোষ্ঠীক চৰকাৰে যিদৰে স্বায়ত্ব শাসনৰ মৰ্যদা প্ৰদান কৰি সামাজিক আৰু অৰ্থনৈতিক দিশত উন্নয়নৰ সুকীয়া সুবিধা প্ৰদান কৰি আহিছে কিন্তু অনুসূচিত জাতিক আজিও চৰকাৰে অৱহেলা কৰি আছে বুলি মন্তব্য কৰে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে । অতি শীঘ্ৰে অনুসূচীত জাতীৰ উন্নয়নৰ বাবে ব্যৱস্থা নল'লে চৰকাৰৰ বিৰূদ্ধে জংগী আন্দোলনত নামিব বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৱে ৷