অসম

assam

ETV Bharat / state

মিছ নৰ্থ ইষ্ট খিতাপ দখলেৰে নাৰায়ণপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে চয়নিকাই - নাৰায়ণপুৰ

চয়নিকা যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী ৷ তেওঁ নাৰায়ণপুৰৰ কুণ্ডিল নগৰ নিবাসী তথা বনবিষয়া জয়কুমাৰ দেউৰী আৰু পূৱ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী বিজয়া দেউৰীৰ একমাত্ৰ কন্যা ৷

sayanika brings glory to Narayanpur with Miss Northeast title
মিছ নৰ্থইষ্ট খিতাপ দখলেৰে নাৰায়ণপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে চয়নিকাই

By

Published : Nov 11, 2021, 9:56 PM IST

Updated : Nov 11, 2021, 11:04 PM IST

বিহপুৰীয়া, ১১ নৱেম্বৰ : "স্পাৰ্ক"ৰ সৌজন্যত অনুষ্ঠিত হোৱা মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২১ত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চয়নিকা দেউৰীয়ে ৰাণাৰ্চ আপ খিতাপ দখলেৰে নাৰায়ণপুৰ তথা বিহপুৰীয়া সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে । চয়নিকা যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী তথা নাৰায়ণপুৰৰ কুণ্ডিল নগৰ নিবাসী তথা বনবিষয়া জয়কুমাৰ দেউৰী আৰু পূৱ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী বিজয়া দেউৰীৰ একমাত্ৰ কন্যা ৷

মিছ নৰ্থ ইষ্ট খিতাপ দখলেৰে নাৰায়ণপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে চয়নিকাই

চয়নিকা দেউৰীয়ে গুৱাহাটীৰ মাছখোৱাস্থিত আই আই টিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মিছ নৰ্থ ইষ্ট ইণ্ডিয়া প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৩৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত অসমৰ পৰা অংশগ্ৰহণ কৰা ১৪ গৰাকী প্ৰতিযোগীৰ ভিতৰত একমাত্ৰ স্থান লাভ কৰিবলৈ সক্ষম হোৱা চয়নিকা দেউৰীক অভিনন্দন জনাইছে সদৌ অসম দেউৰী ছাত্ৰ সন্থাই ।

বৃহস্পতিবাৰে চয়নিকাৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰ সংগঠনটোৰ এটা প্ৰতিনিধি দলে তেওঁক ফুলাম গামোচা, ফুলৰ থোপাৰ লগতে অভিনন্দন পত্ৰৰে সম্বৰ্দ্ধনা জনায় । চয়নিকাৰ সাফল্যত পৰিয়ালৰ লোকসকলৰ লগতে স্থানীয় লোকসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব ল’লে গুৰুজ্যোতি দাসে

Last Updated : Nov 11, 2021, 11:04 PM IST

ABOUT THE AUTHOR

...view details