নাওবৈচা, 1 অক্টোবৰ: বৃহস্পতিবাৰে ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাই এসময়ত বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা নাওবৈচা সমষ্টিৰ কলাখোৱাত উপস্থিত হয় বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ কলাখোৱাত উপস্থিত হৈ বৰাই বনৰীয়া ম’হৰ বাবে বিখ্যাত ৰাণী ভিক্টোৰিয়া যুগৰ বনাঞ্চল পাভৈৰ সাম্প্রতিক স্থিতিৰ ওপৰত তথ্য সংগ্ৰহ কৰে । সম্প্ৰতি পাভ বনাঞ্চলৰ শ-শ বিঘা ভূমি বেদখল কৰি সন্দেহজনক লোকে ঘৰ-বাৰী সাজি নিগাজীকৈ থাকিবলৈ লোৱা বিষয়ত ক্ষোভ প্ৰকাশ কৰি বনাঞ্চলখনত বনৰীয়া ম’হৰ সলনি মিঞাহে পোৱা যায় বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
ইয়াৰ পাচতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত নিৰ্বাচন সন্দৰ্ভত বৰাই কয় যে,‘‘সমাগত নিৰ্বাচনত তেওঁ প্ৰতিনিধত্ব নকৰে ৷ অৱশ্যে প্ৰয়োজন হ’লে হিন্দু সমাজৰ সুৰক্ষাৰ বাবে তেওঁ ৰাজনৈতিক পথাৰত প্ৰত্যক্ষভাৱে জড়িত হ’ব ৷ ‘কা’ আন্দোলনে অসমৰ প্ৰগতি আৰু উন্নয়নৰ মেৰুদণ্ড ভাঙি পেলাইছে’’ ৷