লখিমপুৰ,2 নৱেম্বৰঃ হৰিনামেৰে মুখৰিত হৈ পৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৷ তিনিদিনীয়াকৈ অনুস্থিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৬ সংখ্যক কেন্দ্ৰীয় শিশু আই মাতৃ আৰু যুৱ সমাৰোহৰ শনিবাৰে ধৰ্মীয় শোভাযাত্ৰা অনুস্থিত হয় ৷ উক্ত শোভাযাত্ৰাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ শোভাযাত্ৰা মুকলি কৰে বট্ৰদৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ শোভাযাত্ৰা মুকলি কৰি সমাজৰ সকলো লোককেই একত্ৰিত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দৰ্শন আৰু আদৰ্শৰে সামাজিক দায়বদ্ধতা পালন কৰিবলৈ আহ্বান জনাই বিধায়িকা গৰাকীয়ে ৷
নাৰায়ণপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আই মাতৃ আৰু যুৱ সমাৰোহ - লখিমপুৰ
ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ সহস্ৰাধিক লোকৰ ৷ শোভাযাত্ৰা মুকলি কৰে বট্ৰদৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷
হৰি নামেৰে মুখৰিত নাৰায়ণপুৰ
ধৰ্মীৰ শোভাযাত্ৰাত ভিন্ন জাতি-বৰ্ণৰ লোকে অংশ গ্ৰহণ কৰাৰ লগতে মুল আকৰ্ষণ আছিল ময়ূৰৰ প্ৰতিকী আৰু হাতী মানুহৰ সংঘাতৰ প্ৰতিকী । আনহাতে দেওবাৰে এই অনুস্থানৰ অন্তিম কাৰ্যসূচী 'মুকলি ধৰ্মীয় সভা'ত অংশ ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷