লখিমপুৰ, ৩ অক্টোবৰ :উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে সংযুক্ত কিষাণ মৰ্চা আৰু সংযুক্ত শ্রমিক সংগঠনে দেশজুৰি ক’লা দিৱস পালন কৰে । মঙলবাৰে লখিমপুৰতো সংযুক্ত কৃষাণ মৰ্চাৰ উদ্যোগত ক’লা দিৱস পালন ।
সংযুক্ত কিষাণ মৰ্চা, সংযুক্ত শ্ৰমিক সংগঠন, এআইটিইউচি, চিআইটিইউ, অৰুণোদয় শ্রমিক সন্থা আদিয়ে ঐক্যবদ্ধ হৈ লখিমপুৰৰ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰে । পৰৱৰ্তী সময়ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সমদলকাৰীয়ে ।
প্ৰতিবাদৰ পাচতে জিলা আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ আনহাতে প্ৰতিবাদকাৰী সকলে কয় যে, প্ৰায় 13 মাহ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে ধর্ণা দিব লগীয়া হৈছিল । কেন্দ্ৰীয় চৰকাৰৰ গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰই 3 অক্টোবৰ 2021ত প্ৰতিবাদত বহি থকা কৃষকৰ ওপৰত গাড়ী চলাইছিল ৷ কিন্তু কেন্দ্ৰীয় মন্ত্ৰীয়ে হত্যাকাৰী পুত্ৰৰ পিতৃ হিচাপে পদত্যাগ কৰিবলৈ কৃষক নেতাসকলে দাবী কৰি অহাৰ পাচতো কোনো আইনী ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰিলে । সেয়ে মঙলবাৰে সমগ্ৰ দেশতে ‘ক'লা দিৱস’ পালন কৰা হৈছে ৷