অসম

assam

ETV Bharat / state

দশম স্থানত উজলিল টিউচন কৰি নিজৰ শিক্ষা আগুয়াই নিয়া চাহাব উদ্দিন - Sahabuddin got 10th rank in AHSEC

অতি কষ্টৰ মাজেৰে নিজৰ পঢ়া শুনা আগুৱাই নিয়া ছাত্ৰ জনৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ লখিমপুৰ বাসী ৰাইজ ৷ ভৱিষ্যতে এজন সফল প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ জনৰ ৷

Sahabuddin got 10th rank in Higher secondary final examination
দশম স্থানত উজলিল টিউচন কৰি নিজৰ শিক্ষা আগুয়াই নিয়া চাহাব উদ্দিন

By

Published : Jun 25, 2020, 5:32 PM IST

নাওবৈচা, 25 জুন :দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে ৷ প্ৰৱল ইচ্ছাশক্তি, একাগ্ৰতা আৰু কষ্টৰ মাজেৰে শিক্ষাৰ ক্ষেত্ৰত সকলো সম্ভৱ ৷ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত এই কথা পুনৰ বাৰ প্ৰমাণ কৰি দেখুৱালে কলা শাখাত অসমৰ ভিতৰতে দশম স্থান দখল কৰা লখিমপুৰৰ কৃৰ্তী ছাত্ৰ চাহাব উদ্দিনে ৷ অতি কষ্টৰ মাজেৰে নিজৰ পঢ়া শুনা আগুৱাই নিয়া ছাত্ৰ জনৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ লখিমপুৰ বাসী ৰাইজ ৷ ভৱিষ্যতে এজন সফল প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ জনৰ ৷

দশম স্থানত উজলিল টিউচন কৰি নিজৰ শিক্ষা আগুয়াই নিয়া চাহাব উদ্দিন

উল্লেখ্য যে, লখিমপুৰৰ লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শতকৰা 93 শতাংশ নম্বৰ লাভ কৰি সৰ্বমুঠ 466 নম্বৰ লাভ কৰিছে প্ৰয়াত গিয়াজউদ্দিনৰ পুত্ৰ চাহাব উদ্দিনে ৷ পিতৃহীন ছাত্ৰজনে নিজৰ পঢ়াৰ লগতে মাতৃক সহায় কৰাৰ বাবে আনৰ ঘৰত টিউচন কৰি উপাৰ্জন কৰিছিল ধন ৷ পুৱা-আবেলি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি ৰাতি নিজৰ পঢ়া-শুনা আগুৱাই নিছিল চাহাব উদ্দিনে ৷ উল্লেখ্য যে, মাত্ৰ কেইটামান নম্বৰৰ বাবে মেট্ৰিকত স্থান লাভৰ পৰা বঞ্চিত হোৱা চাহাবউদ্দিনে লখিমপুৰৰ কোনোবা এখন মহাবিদ্যালয়তে স্নাতক ডিগ্ৰীৰ পঢ়াৰ কথা অৱগত কৰে ৷

লগতে পঢ়কঃ কলা শাখাত সপ্তম স্থান দখলেৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশী গোস্বামীয়ে

ABOUT THE AUTHOR

...view details