লখিমপুৰ,8 মে'ঃ কৰ'ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ছেনিটাইজ কৰাটো প্ৰথম আৰু প্ৰাথমিক চৰ্ত হিচাপে বিচেচিত হৈছে । তেনে সময়তে কেৱল হাত দুখন নহয়, এতিয়াৰ পৰা নিজৰ ৰুমটোও ছেনিটাইজ কৰিব পৰা এটা বিশেষ যন্ত্ৰ উদ্ভাৱন কৰা হৈছে ৷ এই যন্ত্ৰৰ দ্বাৰা কেইমিনিট মানৰ ভিতৰতে বীজাণুমুক্ত কৰিব পাৰিব ৰুমটো ৷ বিশিষ্ট উদ্ভাৱক লখিমপুৰত পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰিছে ৰুম এয়াৰ ছেনিটাইজাৰ।
ৰুম এয়াৰ ছেনিটাইজাৰঃ উদ্ভাৱক উদ্ধৱ ভৰালীৰ নতুন উদ্ভাৱন - পদ্মশ্ৰী উদ্ধৱ ভৰালী
কেৱল হাত দুখনেই নহয় , নিজৰ ৰুমটোও ছেনিটাইজ কৰিব পাৰিব আপুনি ৷ কম খৰছতে কেইমিনিট মানৰ ভিতৰতে বীজাণুমুক্ত কৰিব পাৰিব ৰুমটো ৷ কাৰণ উদ্ভাৱক উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰি উলিয়াইছে ৰুম এয়াৰ ছেনিটাইজাৰ।
কৰ'ণা জাগৰণঃ উদ্ভাৱক উদ্ধৱ ভৰালীৰ ৰুম এয়াৰ ছেনিটাইজাৰ উদ্ভাৱন
লগতে পঢ়কঃCOVID-19 : ভাৰতৰ শেহতীয়া তথ্য !