লখিমপুৰ, 18 জানুৱাৰী :লখিমপুৰত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ আৰক্ষীৰ চোকা পহৰাৰ মাজতে লখিমপুৰ চহৰৰ মাজ মজিয়াত সংঘটিত হয় এই ডকাইতি কাণ্ড (Robbery case at Lakhimpur) ৷ সোমবাৰে নিশা লখিমপুৰৰ কে বি ৰোডৰ বাসিন্দা জাকিৰ হুছেইন নামৰ ব্যৱসায়ীজনৰ ঘৰত চাৰিজন বন্দুকধাৰী ডকাইত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই হাত ভৰি বান্ধি নগদ প্ৰায় 2 লাখ 50 হাজাৰ টকাসহ বহু লাখ টকাৰ মুকুতা লুটি লৈ যায় (Cash with pearls looted in Lakhimpur)৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে ৷ জাকিৰ হুছেইন পেছাত এজন মুকুতাৰ ব্যৱসায়ী ৷ জানিব পৰা মতে, সোমবাৰে দুপৰীয়াভাগত এজন যুৱক মুকুতা ব্যৱসায়ীজনৰ দোকানত উপস্থিত হৈ এই ঘটনা সন্দৰ্ভত আগতীয়াকৈ সৰ্তক কৰি থৈ গৈছিল ৷ আৰক্ষীৰ নিছিদ্ৰ পহৰাৰ মাজতে লখিমপুৰ নগৰৰ মাজমজিয়াত পিষ্টল লৈ কি দৰে ডকাইতিৰ কাণ্ড সংঘটিত কৰিবলৈ পালে ই এক ৰহস্যৰময় ঘটনা হৈ পৰিছে । এই ঘটনা সংঘটিত হোৱাৰ পাচতে শংকিত হৈ পৰিছে লখিমপুৰৰ সাধাৰণ ৰাইজ ৷