লখিমপুৰ, 4 ছেপ্টেম্বৰ :ৰাজ্যৰৰাষ্ট্ৰীয় ঘাইপথ মানেই যেন যমদূত ৷ প্ৰতিদিনেই পথ দুৰ্ঘটনা ৰাজ্যৰ বিভিন্নৰাষ্ট্ৰীয় ঘাইপথসমূহত যাৰ ফলত বহুলোকৰ মৃত্যু হোৱাৰ ওপৰিও চিৰদিনৰ বাবে ঘূণীয়া হৈছে বহু ব্যক্তি ৷
লখিমপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন নৈশ বাছৰ সৈতে এখন বলেৰ’ পিক আপ ভানৰ মুখামুখি সংঘর্ষৰ ফলত 2 গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ এই ভয়ংকৰ দুৰ্ঘটনাত দুয়োখন গাড়ী ক্ষতিগ্রস্ত হয় ৷ লখিমপুৰৰ লামুগাঁৱত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো ৷
ঘটনাৰ বিৱৰণী অনুসৰি, লখিমপুৰ নগৰ অতিক্রম কৰি ধেমাজিৰ দিশত লামুগাঁও নামৰ অঞ্চলটোত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত শিলিগুৰিৰ পৰা চিলাপথাৰলৈ গৈ থকা নিউ চেনক' নামৰ নৈশ বাছখনৰ লগত এখন বলেৰ’ পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষত বলেৰ' পিক আপ ভানৰ চালক সহ ২ জনৰ অৱস্থা সংকটজনক হৈ পৰে। আনহাতে এই দুৰ্ঘটনাত বাছখনৰ কোনোলোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে।