অসম

assam

ETV Bharat / state

Road Dedication to freedom fighter:লখিমপুৰত মুক্তিযোদ্ধাৰ নামত পথ নামকৰণ - Road inauguration at Lakhimpur

লখিমপুৰ নগৰ এলেকাৰ চাবতিত বুধবাৰে মুক্তিযোদ্ধা তিলক মোহন দস্তিদাৰৰ নামত পথ উৎসৰ্গা (Road inauguration at Chabati) । উপায়ুক্ত সুমিত সাত্তাৱানে পথটো মুকলি কৰে ।

Road Dedication to freedom fighter
মুক্তিযোদ্ধা তিলক মোহন দস্তিদাৰৰ নামত পথ উৎসৰ্গা

By

Published : Mar 1, 2023, 10:57 PM IST

মুক্তিযোদ্ধা তিলক মোহন দস্তিদাৰৰ নামত পথ উৎসৰ্গা

লখিমপুৰ , ১মাৰ্চ: দেশৰ স্বাধীনতা আজুৰি অনা সংগ্রামখনত জপিয়াই পৰি অশেষ নিৰ্যাতন ভোগ কৰিছিল মুক্তি যোদ্ধাসকলে । স্বাধীনতাৰ পিছতো এইসকল মুক্তিযোদ্ধাই অহৰহ সমাজৰ বাবেই কাম কৰি গৈছে । কিন্তু সময়ৰ সোঁতত এই সকল নমস্য ব্যক্তিৰ বহুতো স্মৃতি নোহোৱা হ'ল । ইয়াৰ মাজতেই একাংশ লোকে তেনে ব্যক্তিৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ প্ৰচেষ্টা চনাই আহিছে । লখিমপুৰতো তেনে এগৰাকী মুক্তিযোদ্ধাৰ স্মৃতি জীয়াই ৰাখিবলৈ বুধবাৰে আনুষ্ঠানিকভাবে এটি পথ তেওঁৰ নামত উৎসৰ্গা কৰা হয় (Road Dedication to freedom fighter in Lakhimpur)।

লখিমপুৰ নগৰ এলেকাৰ চাবতিত বুধবাৰে মুক্তিযোদ্ধা তিলক মোহন দস্তিদাৰৰ নামত এটি পথ উৎসৰ্গা কৰা হয় । মুক্তিযোদ্ধাগৰাকীৰ নামেৰে এই পথটো নামকৰণ কৰি শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত সুমিত সাত্তাৱানে । নগৰখনৰ সমীপৰ চাবতিৰ সেনা শিবিৰৰ সন্মুখৰ পৰা কাকৈ নদীলৈকে প্ৰায় দহ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো আজি মুক্তিযোদ্ধা তিলক মোহন দস্তিদাৰৰ নামত উদ্বোধন কৰা হয় (Freedom fighter Tilak Mohan Dastidar)। আয়তীৰ উৰুলি,ৰাইজৰ কৰতালিৰ মাজত উপায়ুক্ত সুমিত সাত্তাৱানে পথটো নতুন নামেৰে মুকলি কৰে (DC of Lakhimpur)।

তিলক মোহন দস্তিদাৰৰ নামত পথ উৎসৰ্গাৰ সৈতে সংগতি ৰাখি উক্ত ঠাইতে এখন সভাৰো আয়োজন কৰা হয় । উল্লেখ্য যে,দেশৰ স্বাধীনতা সংগ্রামত জপিয়াই পৰি অশেষ নিৰ্যাতন ভোগ কৰিলেও দুচকুত স্বাধীনতাৰ স্বপ্নই তিৰবিৰাই আছিল মুক্তি যোদ্ধাগৰাকীৰ (Road inauguration at Lakhimpur)। ব্ৰিটিছৰ ৰঙা চকুলৈ পৰোৱাই নকৰি সাহসেৰে স্বাধীনতা সংগ্রামত জঁপিয়াই পথচ্যুত নোহোৱাকৈ যাতনাক হাহিমূখে আঁকোৱালি লৈছিল মুক্তি যোদ্ধা তিলক মোহন দস্তিদাৰে । স্বাধীনোত্তৰ পিছত আমৃত্যু তেওঁ সমাজৰ বিভিন্ন কাম-কাজৰ সৈতে জড়িত হৈছিল ।

সম্প্রতি লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় চিকিৎসালয়লৈ উন্নীত হোৱা লখিমপুৰ অসামৰিক চিকিৎসালয় স্থাপন কৰাৰ উপৰি লীলাবাৰী বিমান বন্দৰ ,কৃষ্টি ভৱন স্থাপন কৰাতো তেওঁ আগভাগ লৈছিল । তদুপৰি চাবতি বহুমূখী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনকে ধৰি অসংখ্য অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰাৰ অন্যতম গুৰিয়াল আছিল মুক্তিযোদ্ধা তিলক মোহন দস্তিদাৰ ।

১৯৫০ চনৰ বৰভুঁইকপৰ পাছৰ পৰ্যায়ত দুৰ্গত লোকৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ তেওঁ আছিল অন্যতম ব্যক্তি। তেওঁ বহুতো দৰিদ্ৰ লোকৰ ত্ৰাণকৰ্তা আছিল । এইগৰাকী মুক্তিযোদ্ধা মোহন দস্তিদাৰৰ নামত পথটো নামকৰণ কৰি তেওঁৰ স্মৃতি ৰক্ষাৰ প্ৰয়াস কৰাৰ বাবে জিলাৰ উপায়ুক্তই তিলক মোহন দস্তিদাৰৰ পৰিয়াল বৰ্গৰ লগতে স্থানীয় লোকক কৃতজ্ঞতা জ্ঞাপন কৰে । উপায়ুক্ত সুমিত সাত্তাৱানে প্ৰয়াত মুক্তিযোদ্ধা গৰাকীৰ জীৱনী প্ৰকাশ কৰি উত্তৰ পুৰুষক দেশপ্ৰেম,সমাজপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈও ৰাইজক আহ্বান জনায়।

লগতে পঢ়ক:Boro representatives of Bangladesh in Assam: বাংলাদেশৰ বড়োমূলীয় প্ৰতিনিধিৰে বি কে ডব্লিউ এচি, ইউ বি পি অ’ৰ আলোচনা

ABOUT THE AUTHOR

...view details