নাওবৈচা, ১০ ফেব্ৰুৱাৰী: স্বাধীনতা ৭৩ বছৰ পাছতো উন্নয়নৰ নামত লখিমপুৰ জিলাৰ নাওবৈচাৰ চুমণি গাঁৱৰ মূল পথটো নিৰ্মাণ নহ'ল । বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো গাঁওবাসীৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিলে স্থানীয় বিধায়ক আৰু চৰকাৰে । অৱশেষত ৰাইজে হাতে-কামে লাগি মেৰামতি কৰিছে শিঙৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত চুমণি গাঁৱৰ জৰাজীৰ্ণ পথটো। বছৰ-বছৰ ধৰি বিধ্বস্ত পথটোৰ বাবে হাৰাশাস্তি ভুগি আহিছিল স্থানীয় ৰাইজে ৷
এজাক বৰষুণতে পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে ৷ কেৱল এয়াই নহয়, পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বহু লোক দুৰ্ঘটনাত পতিত হৈ আহত হ'বলগীয়া হৈছে । কিন্তু সমস্যাজৰ্জৰ অঞ্চলৰ কথা ভাৱিবলৈ আহৰি নাই বিধায়কৰ । উপায়হীন হৈ ৰাইজে নিজেই ওলাই আহিল পথ মেৰামতিৰ বাবে। এতিয়া গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিছে ৰাইজে । গাঁওখনৰ ৰাইজে মঙলবাৰে প্ৰতিটো পৰিয়ালৰ পৰা দান বৰঙণি সংগ্ৰহ কৰে ৷