লখিমপুৰ,১৩ মাৰ্চ : লখিমপুৰ জিলাৰ বহু অঞ্চলে এতিয়াও উন্নয়নৰ পোহৰ দেখা নাই । অতি ভিতৰুৱা অঞ্চলৰ কথাটো দূৰৰে কথা জিলাখনৰ গুৰুত্বপূৰ্ণ অঞ্চলো উন্নয়নৰ পৰা বঞ্চিত হৈ আছে । বিশেষকৈ জাপি সজীয়া অঞ্চলটো দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আছে (Lack of development in Lakhimpur)। যাৰবাবে অঞ্চলটোৰ বাটপথৰ অৱস্থা অতি পুতৌ লগা হৈ পৰিছে ।
লক্ষণীয়ভাৱে এই অঞ্চলটোত আছে কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় । জিলাখনৰ বন সংমণ্ডলৰ মুখ্য কাৰ্যালয়, সামাজিক বনানিকৰণৰ জিলা কাৰ্যালয়, ভূমি সংৰক্ষণ বিভাগৰ জিলা কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়, জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ লগতে ভাৰতীয় খাদ্য নিগমৰ উত্তৰ লখিমপুৰ কেন্দ্র আছে অঞ্চলটোত । কিন্তু কাৰ্যালয়কেইটা সংযোগ কৰা পথটোৰ দুৰৱস্থা দেখিলে আপুনিও আচৰিত হ'ব (Poor transportation in Lakhimpur)।
খৰাং বতৰত পথটোত দ গাঁতৰ লগতে ধূলিয়ৰি হৈ থাকে । আনহাতে এজাক বৰষুণ দিলেও একাঠু পৰ্যন্ত বোকাৰে ভৰি থাকে পথটো । যিটো পথেৰে যাতায়াত কৰাটো একপ্ৰকাৰ তীব্ৰ প্ৰত্যাহ্বান হৈ পৰে পথচাৰীৰ বাবে । নগৰৰ পৰা পানী গাঁও সংযোগী কমলাবাৰী পথৰ পৰা জাপি সজীয়াত সোঁদিশে সোমাই যোৱা প্ৰায় আধা কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰে নিতৌ হাজাৰ হাজাৰ লোকে যাত্ৰা কৰে ।