লখিমপুৰ, ২৮ জুলাই : লখিমপুৰ নগৰৰ সমীপৰ এটা অঞ্চলত ২৫ বছৰে মেৰামতি নহ’ল পথ । নাই দলং নাই বিদ্যুতৰ খুঁটা । বঞ্চিত ৰাইজৰ তীব্র প্রতিবাদ ৷ লখিমপুৰ জিলাৰ পৰা মাথো পাঁচ কিলোমিটাৰ মান নিলগতে আছে দুই নং শংকৰ পুৰ এক নং ৰঙাজান দুই নং ৰঙাজান আদি গাঁৱেৰে সামৰা এক বৃহৎ অঞ্চল ।
মূল পথৰ পৰা এই গাঁওসমূহ সংযোগ কৰা পথটো বিগত ২৫ বছৰে এবাৰো মেৰামতি নহ’ল । ফলত দ গাঁতৰ বোকা পানীৰে ভৰি পৰিছে পথটো । কেৱল ইমানেই নহয় । পথটোত থকা সোমদিৰি নৈৰ ওপৰতো নাই দলং । দুবছৰ মানৰ আগতে নৈ খনৰ ওপৰত দুফুটমান বহল এখন সাঁকো সদৃশ ফুট ব্ৰীজ নিৰ্মাণ কৰি ৰাইজে কোনোমতে যাতায়াত অব্যাহত ৰাখিছে ।
ভয়ংকৰ কথাটো হ’ল এই ফুট ব্ৰীজেৰে নৈ খন পাৰ হোৱাৰ সময়ত বহুকেইটা দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে । বিশেষকৈ কণ কণ ছাত্র-ছাত্রী নৈত পৰি যোৱা কেইবাটাও ঘটনা ঘটিছে । এগৰাকী কিশোৰীৰ মৃত্যু ও ঘটিছে । বিধ্বস্ত পথেৰে বোকা পানী গছকি ৰাইজে যাতনা ভূগিবলগীয়া হৈছে । কণ কণ ছাত্র-ছাত্রীয়ে বোকা পানী গছকি বিদ্যালয়লৈ অহা-যোৱা কৰিব লগীয়া হৈছে । অঞ্চলটোত এনে দু:খজনক দৃশ্য দুই দশকৰো আগৰে পৰা চলি আহিছে ।