লখিমপুৰ, ১০ আগষ্ট:লখিমপুৰৰ লালুকত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) ৷ লালুকৰ ১২ মাইলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে বিয়লি এক পথ দুৰ্ঘটনাৰ সংঘটিত হয় (Road Accident in Lakhimpur) ৷ এখন তীব্ৰ বেগী ছুইফট ডিজায়াৰ বাহনে দুগৰাকী মহিলাক মহটিয়াই নি পুখুৰীত বাগৰি পৰে ৷
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 07 Q 4314 নম্বৰৰ বান্দৰদেৱা অভিমুখী ছুইফট ডিজায়াৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰী দুগৰাকীক মহিলাক খুন্দিয়াই পথৰ কাষৰ দ পুখুৰীত বাগৰি পৰে । দুৰ্ঘটনাটোত পথচাৰী দুগৰাকী মহিলা আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাহনখনৰ চালকজনো আঘাপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে (3 injured in road accident)৷