অসম

assam

ETV Bharat / state

অস্তিত্বহীন চৰ-চাপৰিৰ উন্নয়নৰ বাবদ শৰাধ হৈছে ৰাজকোষৰ ধন - বৃহৎ কেলেংকাৰী

ৰাজ্যৰ চৰ-চাপৰি উন্নয়নৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে । দুই দশক পুৰণি জৰীপৰ আধাৰত চলা উন্নয়ন প্ৰক্ৰিয়াত কেলেংকাৰী হোৱাৰ আশংকা কৰি তদন্তৰ দাবী তুলিছে বিভিন্ন দল-সংগঠনে ।

river-side-area-developement-in-assam-running-through-two-decade-long-study
অস্তিত্বহীন চৰ-চাপৰিৰ উন্নয়নৰ বাবদ শৰাধ হৈছে ৰাজকোষৰ ধন

By

Published : Aug 2, 2021, 5:00 PM IST

লখিমপুৰ, ২ আগষ্ট : ৰাজ্যৰ চৰ-চাপৰি উন্নয়নৰ নামত দুটা দশকে ৰাজকোষৰ কোটি কোটি টকাৰ শৰাধ হোৱাৰ আশংকা প্ৰকাশ পাইছে । কিয়নো, ১৮ বছৰৰ পুৰণি জৰীপৰ তথ্যৰ আধাৰত আজিও চলিছে চৰবাসীৰ সাহায্য প্ৰক্ৰিয়া । সেয়ে এই বিষয়ত সহজে উত্থাপিত হৈছে বিয়াগোম কেলেংকাৰীৰ অভিযোগ ।

উল্লেখ্য যে, ৰাজ্যত ২০০৩/২০০৪ বৰ্ষতে কৰা হৈছিল চৰ-চাপৰিৰ জৰীপ । তথ্য মতে, ৰাজ্যৰ লখিমপুৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দৰং, কামৰূপ, নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, যোৰহাট আদি ১৪ খন জিলাত থকা ২ হাজাৰৰো অধিক চৰত ২৪ লাখ ৯০ হেজাৰ জনসংখ্যা আছে । মুঠ ৩ লাখ ৬০ হেজাৰ হেক্টৰ চৰ ভূমিত বাস কৰা এই চৰবাসীৰ ৮০ শতাংশই হল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক । এয়া ২০০৩/২০০৪ বৰ্ষৰ পৰিসংখ্যা আছিল ।

অস্তিত্বহীন চৰ-চাপৰিৰ উন্নয়নৰ বাবদ শৰাধ হৈছে ৰাজকোষৰ ধন

তেতিয়াৰ পৰা ৰাজ্যত পুনৰাই হোৱা নাই চৰ-চাপৰিৰ কোনোধৰণৰ জৰীপ । ১৮ বছৰৰ পুৰণি জৰীপৰ আধাৰতে চৰ-চাপৰিৰ হিতাধিকাৰীক সাহায্য প্ৰদান আঁচনি আজিও চলি আছে । এই একে হিচাপতে আৱণ্টন দিয়া হৈছে কোটি কোটি টকাৰ সাহায্য সামগ্ৰী ।

২০১৩-২০১৪ ৰ পৰা ২০১৬-২০১৭ বৰ্ষৰ ভিতৰত চৰ-চাপৰিৰ বাবে ৯৮ কোটিৰো অধিক টকাৰ সাহায্য দিয়া হৈছিল চৰ-চাপৰি উন্নয়ন বিভাগৰ জৰিয়তে । এতিয়া প্ৰশ্ন হয় উত্থাপিত হৈছে যে, এই সাহায্যই চৰবাসীৰ উন্নয়ন সাধন কৰিব পাৰিছে নে নাই ৷ ২০০৩ -২০০৪ ৰ পৰা চৰবাসীৰ সংখ্যা একেই আছে নে নাই ৷

আন এক লক্ষণীয় দিশ হ’ল নদীৰ মাজৰ চৰ-চাপৰিৰ মুঠেও স্থায়িত্ব নাই । এবছৰ বা দুবছৰৰ সময়ৰ ব্যৱধানত বহু চৰ-চাপৰি বিলোপ হয় নাইবা নতুন চৰৰ সৃষ্টি হয় । এনেস্থলত ২০০৩ /২০০৪ ৰ তথ্য মতেই পৰৱৰ্তী সময়ত চৰৰ হিতাধিকাৰীৰ নামত সাহায্য প্ৰদান চলি আছে ।

অস্তিত্বহীন চৰৰ উন্নয়নৰ নামত সাহায্য অবিৰত হোৱাৰ বিপৰীতে নতুন চৰৰ বাসিন্দাই নতুন জৰীপ নোহোৱাৰ বাবে সাহায্যৰ পৰা বঞ্চিত হৈ আছে দুটা দশক । অস্তিত্বহীন চৰ অথবা অস্তিত্বহীন হিতাধিকাৰীৰ নামত কোটি কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ । এই লৈ কোচ-ৰাজবংশী সংগ্রাম সমিতিৰ তৰফৰ পৰাও এক শক্তিশালী তদন্তৰ দাবী উত্থাপিত হৈছে ।

লগতে পঢ়ক :এতিয়াৰে পৰা মুকলিকৈ বিক্ৰী কৰিব পাৰিব সাঁচি গছ

ABOUT THE AUTHOR

...view details