বিহপুৰীয়া, 13 আগষ্ট : চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই নেদেখাজনৰ শৰণাপন্ন হৈছে বিহপুৰীয়াৰ নৈ পৰীয়া ৰাইজ ৷ বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ-জামুগুৰিত ৰাইজে ব্ৰহ্মপুত্ৰৰ পাৰত নাম-কীৰ্তন কৰি নদীৰ বুকুত ভোগ-নৈবদ্য দান কৰে ৷ যোৱা ২৮ জুলাইত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰা ঠাইকণো এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত স্ত্ৰস্তমান হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷
বৃহত্তৰ অঞ্চলটোৰ ৰক্ষাকৱচ স্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী মথাউৰিটোৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে বুঢ়ালুইতে । মথাউৰিটো স্পৰ্শ কৰিবলৈ মাজত মাত্ৰ ১০ মিটাৰ মানহে বাকী । ইমানৰ পিছতো খহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগে ল'ৰাধেমালি কৰাৰ অভিযোগ ৰাইজৰ ।