লখিমপুৰ,১৮ জানুৱাৰী :অসমৰ লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ (Rhino spotted at Pabha reserve forest)। গঁড়ৰ মুক্ত বিচৰণ দেখি আনন্দিত বন বিভাগ । পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ এসপ্তাহৰ পাছতে গঁড়ৰ মুক্ত বিচৰণে পৰ্যটন ক্ষেত্ৰলৈও আশাৰ ৰেঙনি কঢ়িয়াইছে ।
উল্লেখ্য যে যোৱা ১০ আৰু ১১ জানুৱাৰীত লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল । বনাঞ্চলখন বেদখলমুক্ত কৰাৰ বাবে প্ৰায় ৯০ শতাংশ এলেকাত উচ্ছেদ চলোৱা হৈছিল । উচ্ছেদৰ মাত্ৰ কেইটামান দিন পাছতে উচ্ছেদিত অঞ্চলত এশিঙীয়া গঁড় প্ৰত্যক্ষ কৰিছে বনকৰ্মীয়ে (Rhino at evicted area of Pabha reserve forest)। লখিমপুৰৰ বন সংমণ্ডল বিষয়া চমুকৈ ডিএফঅ' অশোক কুমাৰ দেৱ চৌধুৰীৰ মতে, প্ৰাপ্তবয়স্ক এটা গঁড়ক মঙলবাৰে সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত গাঁওবোৰত বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে ।
গাঁওবাসীয়ে উক্ত স্থানত তিনিটা গঁড় দেখা বুলি দাবী কৰিছে যদিও ডিএফঅ' অশোক কুমাৰ দেৱ চৌধুৰীৰ মতে তাত এটাহে গঁড় আছিল । আনহাতে ডিএফঅ'গৰাকীয়ে সংবাদমাধ্যমক জনোৱা মতে সোমবাৰে তিনিজন লোকক আক্ৰমণ কৰা গঁড়ক ৰাইজে খেদিবলৈ চেষ্টা কৰিছে (Lakhimpur DFO)। চৌধুৰীয়ে লগতে কয় যে গঁড়টো সম্ভৱতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে । যদি ৰাইজে বন বিভাগক সহযোগ কৰে তেনেহ'লে বন বিভাগে গঁড়টো পুনৰ কাজিৰঙালৈ খেদি পঠিয়াব বুলিও তেওঁ উল্লেখ কৰে । একাংশ বিশেষজ্ঞই অৱশ্যে দাবী কৰা মতে অকলশৰীয়া গঁড়টোৱে সম্ভৱতঃ পথ হেৰুৱাই পাভ বনাঞ্চলৰ উচ্ছেদিত অঞ্চলত প্ৰৱেশ কৰিছে ।
উল্লেখ্য যে ১০ জানুৱাৰীৰ পৰা উচ্ছেদ অভিযানত প্ৰশাসনে বনাঞ্চলৰ প্ৰায় ৫০০ টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰিছিল (Eviction at Pabha reserve forest)। উচ্ছেদৰ পাছতে পাভ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ বিচৰণক লৈ আনন্দ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM tweet over Rhino at Pabha forest)। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে বেদখলৰ পৰা মুক্ত হোৱা ভূমিত জন্তুবোৰ দেখা পোৱা গৈছে ।