লখিমপুৰ, ২৫ আগষ্ট : তিনি ইছলামীয় সংগঠনে কৰা মন্তব্যৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে অল আজহাৰ বিশ্ব বিদ্যালয়ৰ এজন গৱেষক ৷ উলেমা ফাউণ্ডেচন, জামাত ৰাজা মোস্তফা আৰু ৰাজা ফাউণ্ডেচনৰ মন্তব্যৰ বিৰুদ্ধে সংবাদ মেলত প্ৰত্যাহ্বান জনালে গৱেষক আহমেদ মোস্তফা কামাল আজহাৰীয়ে ৷ ইছলাম ধৰ্মালম্বী লোক সকলে জন্ম দিন পালন কৰা অথবা কেক খোৱাত বাধা আছে বুলি কৰা মন্তব্যৰ তেওঁ বিৰোধ কৰি কয় যে, ইছলাম ধৰ্মত তেনে কোনো নীতি-নিয়ম নাই ৷
একেদৰে ঘৰত নামাজ আদায় কৰাৰ পৰিৱৰ্তে মছজিদতেই নামাজ আদায় কৰিব লাগিব বুলি চলোৱা প্ৰচাৰৰো তেওঁ বিৰোধিতা কৰি কয় যে, তেনে কোনো নিয়ম নাই ইয়াৰ পৰিৱৰ্তে নামাজ যিকোনো ঠাইতে আদায় কৰিব পাৰি তাত কোনো বাধা নাই ৷ একেদৰে পুৰুষ সকলে দাড়ি ৰখাতো বাধ্যতামূলক বুলি কৰা মন্তব্যৰো তেওঁ বিৰোধ কৰি ইয়াক ভুল আখ্যা দিয়ে ৷