লখিমপুৰ, 21 জানুৱাৰী :গণৰাজ্য দিৱসলৈ মাজত মাথো পাঁচটা দিন (Republic day in Assam)৷ দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে এতিয়া চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি (Republic day preparation in Lakhimpur )। ৰাজ্যৰ আন প্ৰান্তৰ দৰে লখিমপুৰ জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।
জিলাখনত গণৰাজ্য দিৱস উদযাপন উপলক্ষে বিশেষকৈ নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে আৰক্ষী তথা প্ৰশাসনে । গণৰাজ্য দিৱসৰ পূৰ্বৰে পৰা লখিমপুৰ নগৰ খেলপথাৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷ সমান্তৰালভাৱে খেলপথাৰ মেচিনেৰে খান্দি সন্দেহজনক যিকোনো বস্তুৰ সন্ধান চলোৱাৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখাই নিতৌ মেটেল ডিটেক্টৰৰ সহায়ত পতাকা উত্তোলনস্থলী পৰীক্ষা কৰিছে (Republic day celebration in Lakhimpur)।
এনে ধৰণৰ সতৰ্কতামূলক ব্যৱস্থাৱলীৰ সমান্তৰালকে খেলপথাৰত প্ৰশাসনৰ উদ্যোগত চলিছে পেৰেডৰ অনুশীলন ৷ আৰক্ষী, গৃহৰক্ষী বাহিনীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীসকলেও পেৰেডৰ অনুশীলনত ভাগ লৈছে ৷ সমান্তৰালকৈ স্কাউট গাইড, এনচিচিৰ দলেও লৈছে ভাগ ৷ জিলা প্ৰশাসন তথা আৰক্ষী বিভাগৰ এনে তৎপৰতাত প্ৰাণোচ্ছল হৈ পৰিছে গণৰাজ্য দিৱস উদযাপনস্থলী ।