নাওবৈচা, 26 ছেপ্তেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ শীঘ্ৰেই আশু আৰোগ্য কামনাৰে বঙালমৰা গাঁও পঞ্চায়তৰ সভা কক্ষত অনুস্থিত হৈ যায় এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা ৷ শনিবাৰে বঙালমৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী যোগীতাৱলী পাৱে আৰু মৌলানা ছাইফুদ্দিন আহমেদৰ তত্বাৱধানত অনুষ্ঠিত হোৱা নাম প্ৰসংগ আৰু পৱিত্ৰ কোৰাণ পাঠৰে নেতা জনৰ আশু আৰোগ্যৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় প্ৰায় অৰ্ধ শতাধিক লোকে ৷ বৰ্ষীয়ান নেতাজনৰ স্বাস্থ্যৰ আৰোগ্য কামণাৰে কৰোণাময়ৰ ওচৰত প্ৰাৰ্থনা জনায় নেতা গৰাকীৰ শুভাকাংঙক্ষী সকলে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা - Religious prayer for speedy recovery of Traun Gogoi at Nowboicha
বঙালমৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী যোগীতাৱলী পাৱে আৰু মৌলানা ছাইফুদ্দিন আহমেদৰ নেতৃত্বত বঙালমৰা গাঁও পঞ্চায়তৰ সভা কক্ষত অনুষ্ঠিত হয় এই সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা সভা ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা
উল্লেখ্য যে, দেহত অক্সিজেনৰ অভাৱ ঘটাৰ ফলত শ্বাস-প্ৰশ্বাস জনিত অসুবিধাত ভুগি থকাৰ বাবে বিগত কেইবাদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ প্ৰশ্নকাকত কেলেংকাৰীঃ সাঙোৰ খাইছে অগপৰ যুৱ নেতাৰ নাম !